অসম

assam

Allegations of corruption against teok municipality: চুৰি পাইপেৰে খোৱাপানী যোগান আঁচনি ৰূপায়ণৰ অভিযোগ

By

Published : Jun 29, 2023, 4:35 PM IST

চুৰি পাইপেৰে ৰূপায়ণ হৈছে টীয়ক পৌৰসভাৰ পানী যোগান আঁচনি । ৰহস্যজনক ভাবে JJM ৰ পাইপ লাগিল পৌৰসভাৰ পানী প্ৰকল্পত । পৌৰসভাৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ ।

Implementation of drinking water supply scheme with stolen pipes in Teok
চুৰি পাইপেৰে খোৱাপানী যোগান আঁচনি ৰূপায়ণৰ অভিযোগ

চুৰি পাইপেৰে খোৱাপানী যোগান আঁচনি ৰূপায়ণৰ অভিযোগ

টীয়ক,২৯ জুন: বিতৰ্ক আৰু টীয়ক পৌৰসভা, যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । বিতৰ্কই লগ নেৰা টীয়ক পৌৰসভাৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ । চুৰি পাইপেৰে টীয়ক পৌৰসভাৰ পানী যোগান আঁচনি ৰূপায়ণ কৰাৰ অভিযোগে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য । ৰহস্যজনক ভাবে JJM ৰ পাইপ পৌৰসভাৰ পানী প্ৰকল্পত ব্যৱহাৰ হোৱা কাৰ্যই চকু কঁপালত তুলিছে স্থানীয় ৰাইজৰ ।

পঞ্চদশ বিত্তীয় আয়োগৰ ধনৰে টীয়ক পৌৰ এলেকাত ৰূপায়ণ কৰা খোৱাপানী যোগান আঁচনিত নিয়োজিত ঠিকাদাৰগৰাকীয়ে চুৰি পাইপ ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে টীয়ক পৌৰসভাৰ তত্বাবধানত ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিৰ বাবে ঠিকাদাৰ হিচাপে নিযুক্তি দিছিল শিৱসাগৰৰ জনৈক গগৈ নামৰ এজন ঠিকাদাৰক ।

কিন্তু ঠিকাদাৰ গগৈয়ে জলজীৱন আঁচনিত ব্যৱহৃত পাইপ শিৱসাগৰৰ পৰা চুৰি কৰি আনি টীয়কৰ নিৰ্মীয়মান আঁচনিত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । ইতিমধ্যে এই চুৰি পাইপসমূহ টীয়ক আৰক্ষীৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইয়াৰে বহু চুৰি পাইপ ঠিকাদাৰ গগৈয়ে আঁচনিত ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে ।

লক্ষ্যণীয় যে জে জে এমৰ পাইপ পঞ্চদশ বিত্তীয় আয়োগৰ ধনৰে ৰূপায়ণ কৰা আঁচনিত ব্যৱহাৰ কৰিব নোৱাৰে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক সূত্ৰই জানিবলৈ দিছে । তেনেস্থলত টীয়ক পৌৰসভাৰ তত্বাবধানত ৰূপায়ণ কৰা খোৱাপানী যোগান আঁচনিত জে জে এমত ব্যৱহৃত চুৰি পাইপ ঠিকাদাৰে ব্যৱহাৰ কৰাৰ পাছতো টীয়ক পৌৰসভাৰ ৰহস্যজনক মৌনতা অৱলম্বন কৰাৰ অন্তৰালত বৃহৎ কমিচনৰ অংক জড়িত থকাৰ সন্দেহ কৰিছে সচেতন ৰাইজে ।

সেয়ে এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ আশা কৰিছে ৰাইজে । উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টীয়ক টাউনস্থিত পানী যোগান আঁচনিৰ চৌহদত বুধবাৰে টীয়ক আৰক্ষীৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে বৃহৎ সংখ্যক চুৰি পাইপ উদ্ধাৰ কৰিছিল । শিৱসাগৰৰ শ্ৰী মাঞ্চা ইণ্ডাষ্টিৰ প্ৰায় দহ লাখৰ অধিক মূল্যৰ পাইপ তেওঁলোকৰ শিৱসাগৰৰ গুদামৰ পৰা হেৰুৱা বুলি শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

লগতে পঢ়ক:Meghalaya coal syndicate: অবৈধ কয়লা খনন আৰু কোক উদ্যোগলৈ সৰবৰাহক লৈ মেঘালয় উচ্চ ন্যায়ালয়ৰ অসন্তুষ্টি

ABOUT THE AUTHOR

...view details