অসম

assam

তিনি তালাক সন্দৰ্ভত কি ক'লে আজমলে ?

By

Published : Aug 1, 2019, 6:36 PM IST

তিনি তালাকৰ বিৰোধিতা কৰিলে এআইডিইউএফৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ আজমলে ৷ সাংবাদিকৰ আগত তিনি তালাকৰ বিৰোধিতা কৰি হিন্দু সমাজত তালাক বেছি হয় বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

তিনিতালাকৰ বিৰোধীতা আজমল

হোজাই,1আগষ্ট : তিনি তালকক সমৰ্থন নকৰে এআইডিইউএফৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ আজমলে ৷ বৃহস্পতিবাৰে হোজাইত সাংসদ গৰাকীয়ে কয় যে,তালাক প্ৰক্ৰিয়া হিন্দু সমাজত বেছি । হিন্দু সমাজত ৬৮ শতাংশ আৰু মুছলমান সমাজত ২৬ শতাংশহে তালাক হয় ৷ তিনি তালাক বিধেয়ক সন্দৰ্ভত আজমলে কয় – ''তিনি তালাক বিধেয়ক কোনোপধ্যে সমৰ্থন নকৰো । অত্যাচাৰ হিচাপে অনা হৈছে এই বিধেয়ক । এই বিধেয়কৰ পৰা কোনো লাভ নহ’ব'' ৷

তিনিতালাকৰ বিৰোধীতা আজমলৰ

বিজেপিক মুছলমানবিৰোধী চৰকাৰ আখ্যা দি বিজেপিয়ে মুছলমানবিৰোধী বিধেয়ক আনিব আৰু গৃহীত কৰিবই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আজমলে ৷ লগতে তেওঁ কয়, তিনি তালাক বহু দূৰৰ কথা, আমাৰ ধৰ্মত এক তালাকেই বহু বেয়া কাম । তালাক দিয়া মানেই ভুল কৰিছে । তিনি তালাক হ'লে মুছলমানে লাজ পায় বুলিও মত পোষণ কৰে সাংসদগৰাকীয়ে ৷

Intro:তিনি তালাক বিধেয়কৰ বিৰোধিতা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। Body:তিনি তালাক বিধেয়কৰ বিৰোধিতা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। হোজাইত সাংসদ গৰাকীয়ে কয় যে তালাক প্ৰক্ৰিয়া হিন্দু সমাজত বেছি। হিন্দু সমাজত ৬৮ শতাংশ আৰু মুছলমানৰ ভিতৰত ২৬ শতাংশ। বিজেপিক সমালোচনা কৰি আজমলে কয় যে মুছলমান মহিলাৰ এটাও সমস্যা সমাধান কৰা নাই বিজেপিয়ে। বিজেপি অহাৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন বৃদ্ধি পাইছে। তিনি তালাক বিধেয়ক সন্দৰ্ভত আজমলে কয় – ‘তিনি তালাক বিধেয়ক কোনোপধ্যে সমৰ্থন নকৰো। অত্যাচাৰ হিচাপে অনা হৈছে এই বিধেয়ক। এই বিধেয়কৰ পৰা কোনো লাভ নহ’ব।’ বিজেপিক মুছলমানবিৰোধী চৰকাৰ আখ্যা দি আজমলে কয় যে বিজেপিয়ে মুছলমানবিৰোধী বিধেয়ক আনিব আৰু গৃহীত কৰিবই। আজমলে কয় – ত্ৰিপল তালাক বহু দূৰৰ কথা, আমাৰ ধৰ্মত এক তালাকেই বহু বেয়া কাম। তালাক দিয়া মানেই ভুল কৰিছে। ত্ৰিপল তালাক হলে মুছলমানে লাজ পায়।


Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ABOUT THE AUTHOR

...view details