অসম

assam

Awareness rally in Hojai: আজমল ফাউণ্ডেচনৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন

By

Published : Aug 11, 2022, 8:11 PM IST

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) পালনৰ জড়িয়তে এইবাৰ "ঘৰে ঘৰে জাতীয় পতকা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan)। আজমল ফাউণ্ডেচনৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন (Awareness rally by Ajmal Foundation)। স্বাধীনতা দিৱস উপলক্ষে তিনিদিনীয়াকৈ পালন কৰিব এই অমৃত মহোৎসৱ।

Awareness rally by Ajmal Foundation in Hojai
আজমল ফাউণ্ডেচনৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন

হোজাই, 11 আগষ্ট: সমাগত স্বাধীনতা দিৱস ৷ ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) পালনৰ জড়িয়তে এইবাৰ "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan)। ঘৰে ঘৰে জাতীয় পতকা উৰুৱাই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পিছতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ বাবে আৰম্ভ হৈছে বিভিন্ন সজাগতামূলক অনুষ্ঠান।

আজমল ফাউণ্ডেচনৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱ পালনb

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ হোজাইতো স্বাধীনতাৰ দিৱসৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷ আজমল ফাউণ্ডেচনৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন (Awareness rally by Ajmal Foundation)। স্বাধীনতা দিৱস উপলক্ষে তিনিদিনীয়াকৈ পালন কৰিব এই অমৃত মহোৎসৱ।

আজমল ফাউণ্ডেচন আৰু আজমল গ্ৰুপ অফ কলেজৰ 32 খন শৈক্ষিক প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব লগা এই স্বাধীনতাৰ অমৃত মহোৎসৱ লগত সংগতি ৰাখি "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচী । প্ৰতিদিনে হাতত জাতীয় পতাকা লৈ ছাত্ৰ-ছাত্ৰীৰে উলিওৱা হ’ব এক ৰেলী । হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আজমল ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হ’ব কুইজ প্ৰতিযোগিতা ।

সেই অনুসৰি আজিৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী মৰ্মে হোজাই আজমল আইন মহাবিদ্যালয় আৰু বি এড কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জাতীয় পতাকা লৈ হোজাই চহৰৰ মাজেদি এক ৰেলী উলিয়াই । প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই ৰেলীত ।

লগতে পঢ়ক:Awareness rally in Kampur: হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে বিশাল ৰেলী চি আৰ পি এফৰ

ABOUT THE AUTHOR

...view details