অসম

assam

লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ

By

Published : Aug 3, 2021, 7:17 PM IST

মাজত মাথো আৰু কেইঘন্টামান বাকী ৷ বহু উৎকন্ঠাৰ অন্ত পেলাই আৰু কেই ঘন্টামানৰ পাছতে অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিকৰ 69 কিলোগ্ৰাম শাখাৰ মহিলা বক্সিঙৰ ছেমিফাইনেলত অৱৰ্তীণ হ'ব অসম সন্তান লাভলীনা বৰগোঁহাই ৷ বক্সাৰ গৰাকীৰ জয়ৰ কামনাৰে এতিয়া ৰাজ্যত চলিছে প্ৰাৰ্থনা তথা পূজা-অৰ্চনা ৷

people-in-assam-pray-for-victory-of-lovelina-at-tokyo-olympic
লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম প্ৰসংগ

সৰুপথাৰ,3 আগষ্ট: বুধবাৰে টকিঅ' অলিম্পিকৰ ছেমিফাইনেলত অৱৰ্তীৰ্ণ হ'ব অসম কন্যা লাভলীনা বৰগোঁহাই ৷ ইয়াৰ বাবে সমগ্ৰ ৰাজ্যতে চলিছে ব্যাপক চৰ্চা ৷ সমান্তৰালকৈ লাভলীনাৰ জয়ৰ কামনাৰে ৰাজ্যৰ সৰ্বত্ৰে থকা মঠ-মন্দিৰ, নামঘৰ আদি ধৰ্মীয় উপাসনাস্থলী সমূহত নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে ৷ বক্সাৰ গৰাকীৰ মংগল কামনাৰে ঐতিহ্যমণ্ডিত সৰুপথাৰৰ বাৰখেলীয়া নামঘৰতো চলিছে নাম প্ৰসংগ ৷

মঙলবাৰে পুৱা সৰুপথাৰৰ ঐতিহ্যমণ্ডিত বাৰখেলিয়া বৰ-নামঘৰত একাংশ ভকতে নাম প্ৰসংগ কৰে ৷ যাতে লাভলীনাই অলিম্পিকৰ ছেমিফাইনেলত জয়ী হোৱাৰ লগতে ফাইনেলত সোণৰ পদক বুটলি ভাৰত তথা ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে ৷ অকল বাৰখেলীয়া নামঘৰেই নহয় বৰপথাৰ,সৰুপথাৰ অঞ্চলৰ মন্দিৰ,নামঘৰত এতিয়া লাভলীনাৰ জয়ৰ বাৰে পূজা অৰ্চনা তথা নাম প্ৰসংগ কৰা দেখা পোৱা গৈছে ৷ সকলোৰে এটাই মাত্ৰ কামনা, লাভলীনাই যাতে বুধবাৰৰ খেলখনত জয়ী হোৱাৰ লগতে সোণৰ পদকো অৰ্জন কৰে ৷

লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম প্ৰসংগ

লগতে পঢ়কঃ১৫ আগষ্টৰ লালকিল্লাৰ কাৰ্যসূচীত বিশেষ অতিথি হ'ব ভাৰতীয় অলিম্পিক দল

লক্ষণীয় যে, সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীয়ো এতিয়া আক্ৰান্ত হৈছে অলিম্পিকৰ জ্বৰত ৷ কাৰণ সূদীৰ্ঘ 125 বছৰৰ পাছত অলিম্পিকত প্ৰথমটো পদক নিশ্চিত কৰিছে এগৰাকী অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ৷ বুধবাৰে অনুষ্ঠিত হবলগীয়া ছেমিফাইনেল মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে সমগ্ৰ দেশবাসীয়ে ৷

উল্লেখ্য যে, ৪ আগষ্ট, বুধবাৰে টকিঅ’ অলিম্পিকৰ 69 কিলোগ্ৰাম শাখাৰ মহিলা বক্সিঙৰ ছেমিফাইনেলত অৱতীৰ্ণ হ’ব অসম-কন্যা লাভলীনা বৰগোঁহাই ৷ ছেমিফাইনেলত তুৰ্কীৰ বক্সাৰ বুচেনাছ চাৰমেনেলী(Busenaz Surmeneli)ৰ বিৰুদ্ধে বক্সিং ৰিঙত নামিব লাভলীনা ৷ লাভলীনাৰ এই সাফল্যত স্বাভাৱিকতেই সমগ্ৰ দেশৰ লগতে উৎফুল্লিত হৈ পৰিছে বক্সাৰ গৰাকীৰ গৃহ স্থান বৰপথাৰৰ লোকসকল ৷ সকলোৰে মুখে মুখে এতিয়া মাথো লাভলীনাৰ নাম ৷

লগতে পঢ়কঃলাভলীনাৰ জীৱনৰ জনা-নজনা কিছু কথা

ABOUT THE AUTHOR

...view details