Chak De India: অলিম্পিকত মহিলা হকীৰ ছেমি ফাইনেলত ভাৰত

author img

By

Published : Aug 2, 2021, 10:35 AM IST

Updated : Aug 2, 2021, 10:56 AM IST

Tokyo Olympics (Women's Hockey): India thrash Australia 1-0, storm into semifinals

পোন প্ৰথমবাৰৰ বাবে অলিম্পিকৰ (Olympics)ছেমি ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলটোৱে ৷ প্ৰৱল প্ৰতাপী অষ্ট্ৰেলিয়া দলক 1-0 ৰ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৷

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : টকিঅ’ অলিম্পিকৰ (Tokyo Olympics) ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা হকী দলে (Indian Women Hockey Team) ৷ সোমবাৰৰ কোৱাৰ্টৰ ফাইনেলৰ মেছখনত প্ৰৱল প্ৰতাপী অষ্ট্ৰেলিয়াক 1-0 ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় মহিলা হকী দলটোৱে ৷ সোমবাৰে টকিঅ’ৰ Oi Hockey Stadiumৰ নৰ্থ পিট্ছত অনুষ্ঠিত হৈছিল খেলখন ৷

খেলখনৰ দ্বিতীয় কোৱাৰ্টাৰত (Second Quarter) গুৰজিৎ কৌৰে গ’ল প্ৰদান কৰি ভৰতীয় দলটোক অগ্ৰগতি দিয়ে ৷ পৰৱৰ্তী দুটা কোৱাৰ্টাৰত কোনো গ’ল দিবলৈ সক্ষম নহয় ভাৰতে ৷ উল্লেখ্য যে, এই পৰ্যন্ত অলিম্পিকত অপ্ৰতিৰোধ্য হৈ আছিল অষ্ট্ৰেলিয়াৰ মহিলা হকী দলটো ৷

Tokyo Olympics (Women's Hockey): India thrash Australia 1-0, storm into semifinals
অলিম্পিকত মহিলা হকীৰ ছেমি ফাইনেলত ভাৰত

পোন প্ৰথমবাৰৰ বাবে অলিম্পিকৰ মহিলা হকীৰ চতুৰ্থ স্থানত উপনীত হৈছে ভাৰতীয় দলটো ৷

লগতে পঢ়ক-টকিঅ' অলিম্পিক: নকআউটৰ আশাত বন্দী ভাৰতৰ মহিলা হকী দল

Last Updated :Aug 2, 2021, 10:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.