ETV Bharat / state

গাভৰু নৈৰ বলুকা ৰাশিত জিলিকিছে লাভলীনা বৰগোঁহাই

author img

By

Published : Aug 3, 2021, 1:08 PM IST

লাভলীনাৰ সাফল্যত উল্লাসিত সকলো ৷ কোনোৱে যদি হাতৰ তলুৱাত আঁকিছে লাভলীনাক, আন কোনোৱে আকৌ নিজ নিজ চ’ছিয়েল মিডিয়া একাউন্টৰ দ্বাৰা লাভলীনাক জনাইছে শুভেচ্ছা ৷ কিন্তু তাৰ মাজতে ব্যতিক্ৰমী প্ৰয়াস চলাইছে এগৰাকী যুৱকে ৷ লাভলীনাক শুভেচ্ছা জনাবলৈ গাভৰু নদীৰ পাৰ পালেগৈ যুৱকজন ৷

greetings to Boxer Lovlina Borgohain
গাভৰু নৈৰ বালিচৰত লাভলীনা বৰগোঁহাই

তেজপুৰ, 3 আগষ্ট : মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা । বুধবাৰে পুনৰ বক্সিঙৰ ৰিঙত সোমাব লাভলীনা ৷ বহু প্ৰতীক্ষা অন্ত পেলাই টকিঅ’ অলিম্পিক(Tokyo Olympics)ৰ বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে(Boxer Lovlina Borgohain) ৷ অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই(Boxer Lovlina Borgohain)ক লৈ গৌৰৱান্বিত সমগ্ৰ অসমবাসী ৷

অসমৰ বাবে অলিম্পিকত ইতিহাস ৰচা লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই বিভিন্ন জনে বিভিন্ন সময়ত বিভিন্ন চিত্ৰ অংকন কৰা পৰিলক্ষিত হৈছে ৷ কোনোবাই যদি দেৱালত, কোনোবাই আকৌ হাতত অংকন কৰিছে লাভলীনাৰ প্ৰতিচ্ছবি ৷ এইবাৰ অসম গৌৰৱ লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই বলুকাত অংকন কৰা হৈছে লাভলীনা বৰগোঁহাইৰ প্ৰতিচ্ছবি ৷

গাভৰু নৈৰ বালিচৰত লাভলীনা বৰগোঁহাই

ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত বলুকা শিল্পী ৰঞ্জন শইকীয়াই লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই বলুকাত অংকন কৰিছে অসম কন্যাগৰাকীৰ প্ৰতিচ্ছবি ৷

লগতে পঢ়ক: ফাইনেল খেলিলেও লাভলীনাৰ খেল নাচায় পিতৃয়ে: কিন্তু কিয় ?

উল্লেখ্য যে, 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চাইনীজ টাইপেইৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷ ইয়াৰ লগে লগেই লাভলীনা হৈ পৰিল অলিম্পিকত মেডেল লাভ কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ ৷ ইয়াৰ পূৰ্বে বক্সাৰ বিজেন্দ্ৰ সিং আৰু এম চি মেৰিকমে লাভ কৰিছিল এই সন্মান ৷

ইফালে বলুকা শিল্পী তথা ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰঞ্জন শইকীয়াৰ এই অভিনৱ প্ৰচেষ্টাক সকলো জনাইছে শলাগ জনাইছে ৷ জয়ী হৈ আহক অসম কন্যা লাভলীনা ৷ ৰাজ্যবাসীৰ আশা জয়ৰ খিতাপ আঁজুৰি আনিব অসমৰ লাভলীনাই ৷

লগতে পঢ়ক: ইতিহাসৰ পৃষ্ঠাত অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.