ETV Bharat / entertainment

নুৰৰ আত্মহত্যা সন্দৰ্ভত পৰিয়ালে কি কয় ? - THE TRIAL ACTRESS NOOR MALABIKA DAS

author img

By ETV Bharat Entertainment Team

Published : Jun 11, 2024, 10:44 AM IST

Noor Malabika Das Suicide: এয়াৰ হোষ্টেছ হ’বলৈ গৈ অভিনেত্ৰী হোৱা নুৰ মালবিকা দাসৰ মৃত্যুৱে সকলোকে হতবাক কৰি তুলিছে । পৰিয়ালৰ লোকৰ অনুপস্থিতি এনজিঅ’ই অভিনেত্ৰীগৰাকীৰ সৎকাৰ কৰাৰ পাচত এতিয়া পোৱা গৈছে পৰিয়ালৰ লোকৰ মন্তব্য ৷

noor malabika das suicide Family statement on the death of The Trial Actress
নুৰৰ আত্মহত্যা (ETV Bharat)

চিটাৰা ডেস্ক, 11 জুন : ‘দ্য ট্ৰাইল’ৰ অভিনেত্ৰী নুৰ মালবিকা দাসৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে । আৰক্ষীয়ে মুম্বাইৰ ঘৰৰ পৰা উদ্ধাৰ কৰে অভিনেত্ৰীগৰাকীৰ মৃতদেহ । আৰক্ষীৰ তথ্য অনুসৰি অভিনেত্ৰীগৰাকীৰ মৃতদেহ পচি গৈছিল । অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিচত মুম্বাইত বসবাস কৰা তেওঁৰ পৰিয়ালৰ লোকৰ মন্তব্য পোৱা গৈছে । তেওঁলোকৰ ভাষ্য অনুসৰি নুৰে হতাশাৰে সৈতে যুঁজি আছিল ।

নুৰৰ পিতৃৰ ঘৰ অসমৰ কৰিমগঞ্জত । বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী কৰিমগঞ্জত বাস কৰা মালবিকাৰ সম্পৰ্কীয় আৰতি দাসে সংবাদ মাধ্যমৰ আগত নুৰৰ বিষয়ে জনাইছে । আৰতিৰ ভাষ্য অনুসৰি নুৰ অভিনেত্ৰী হ’বলৈ মুম্বাইলৈ গৈছিল । ইয়াৰ বাবে বহুত কষ্ট কৰিছিল নুৰে । তেওঁ কয় যে মালবিকা তেওঁৰ কৃতিত্বত সন্তুষ্ট নাছিল, যাৰ বাবে তেওঁ এই পদক্ষেপ ল’বলৈ বাধ্য হ’ল । সোমবাৰে নুৰৰ পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁ হতাশাত ভুগি আছিল ।

শেহতীয়াকৈ মালাবিকাই কাজলৰ সৈতে ৱেব ছিৰিজ ‘দ্য ট্ৰাইল’ত কাম কৰিছিল । তেওঁ বহু টিভি ধাৰাবাহিকতো কাম কৰিছে । বঙালী ভাষী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মালবিকাই । মুম্বাইত এজন মুছলমান মানুহৰ সৈতে বিয়া হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁ । শ্বিলঙত এয়াৰ হোষ্টেছৰ প্ৰশিক্ষণ লৈছিল মালবিকাই । কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী সম্পূৰ্ণ কৰিছিল তেওঁ । মালবিকাৰ পিতৃ কাঞ্চন দাস কৰিমগঞ্জৰ লক্ষ্মী বজাৰ হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক আছিল ।

চুবুৰীয়াসকলে নুৰ মালবিকাৰ ফ্লেটৰ পৰা দুৰ্গন্ধ পাইছিল । এটা সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, নুৰ মালবিকা দাসৰ চুবুৰীয়াসকলে আৰক্ষীক তেওঁৰ ফ্লেটৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে অৱগত কৰে । তথ্য পোৱাৰ পিচত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ তেওঁলোকে ফ্লেটটোৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল । ভিতৰলৈ যোৱাৰ পিচত অভিনেত্ৰীগৰাকীৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে গোটেই ফ্লেটটোত তন্ন তন্ন কৈ পৰীক্ষা কৰি নুৰৰ ঔষধ, তেওঁৰ মোবাইল ফোন আৰু এখন ডায়েৰী উদ্ধাৰ কৰে ।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে আত্মহত্যাৰ সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে আন দিশৰ পৰাও আৰক্ষীয়ে তদন্ত আগুৱাই লৈ গৈ আছে । আৰক্ষীয়ে জনোৱা মতে, অভিনেত্ৰীগৰাকীয়ে যদি আত্মহত্যা কৰিছে, তেন্তে ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

6 জুনৰ ৰাতিপুৱা, মালাবিকাৰ ক্ষতবিক্ষত মৃতদেহ এপাৰ্টমেণ্টত অৱস্থাত পোৱা গৈছিল । আন্ধেৰী আৰক্ষীয়ে ৯ জুনত এটা বেচৰকাৰী সংগঠনৰ জৰিয়তে তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে ।

  • আত্মহত্যা কোনো সমাধান নহয়:

যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।

লগতে পঢ়ক : কাজলৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰা অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.