ETV Bharat / state

ইতিহাসৰ পৃষ্ঠাত অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ

author img

By

Published : Jul 30, 2021, 9:46 PM IST

Updated : Jul 31, 2021, 12:02 PM IST

Go for glory: Lovlina ৷ ইতিহাসৰ পৃষ্ঠাত অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই ৷ বঞ্জৰ পদক নিশ্চিত লাভলীনাৰ ৷ বেছি দূৰ নহয় সোণৰ পদকৰ বাবে, লাভলীনাই প্ৰৱেশ কৰিলে বক্সিঙৰ ৬৪-৬৯ কেজিৰ ছেমি ফাইনেলত ৷

Lovlina Borgohain Secures Medal At Tokyo Olympics
ইতিহাসৰ পৃষ্ঠাত অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ

নিউজ ডেস্ক, 30 জুলাই : টকিঅ' অলিম্পিকত জিলিকিছে অসম কন্যা লাভলীনা বৰগোঁহাই ৷ টকিঅ’ অলিম্পিকৰ বক্সিঙৰ ৬৪-৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়ী হোৱাৰ লগে লগে ব্ৰঞ্জৰ পদক নিশ্চিত হৈছে লাভলীনাৰ । 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিনক 4-1 ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷

কোৱাৰ্টাৰ ফাইনেলত লাভলিনাৰ শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল চীনৰ টাইপেৰ বক্সাৰ চেন নিয়েন চিন ৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ বঞ্জৰ পদক লাভ কৰা লাভলিনাই বক্সিঙৰ প্ৰথম ৰাউণ্ডৰ পৰা শক্তিশালী ৰূপত প্ৰত্যাহ্বান জনাইছিল চাইনিজ বক্সাৰ চেন নিয়েন চিনক ৷ তদুপৰি, বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তিনিবাৰকৈ চেন নিয়েন চিনৰ মুখামুখি হৈছিল যদিও প্ৰতিবাৰেই চীনৰ খেলুৱৈ গৰাকীৰ বিৰুদ্ধে থমকি ৰ'বলগীয়া হৈছিল লাভলিনা ৷

ইতিহাসৰ পৃষ্ঠাত অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ

লগতে পঢ়ক: লাভলীনালৈ ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ

অসম কন্যা লাভলীনাৰ এই জয়ৰ পাচতে আনন্দৰ বন্যা দেখা গৈছে ৰাজ্যবাসীৰ মাজত ৷ লাভলীনাৰ সাফল্যত সন্তুষ্টি প্ৰকাশ কৰিছে বক্সিং প্ৰশিক্ষক পদুম চন্দ্ৰ বড়োৱে ৷ অসমৰ লগতে দেশবাসীৰ হৃদয় জয় কৰিছে লাভলীনাই ৷ Mr india বিজিত গগৈয়ে ক'লে অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপে ইতিহাস সৃষ্টি কৰিলে লাভলীনাই ৷

লাভলীনাৰ জয়ৰ খবৰ লাভ কৰা পাচতে লাভলীনাৰ বাবে সৰুপথাৰত এক ৰাষ্ট্ৰীয় মানৰ ক্ৰিয়া আন্তঃগাঠনি গঢ়ি তুলিবলৈ ইচ্ছা প্ৰকাশ কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে ৷ ইফালে নগাঁও বক্সাৰ এচছিয়েচনৰ সদস্যসকলৰ মাজতো আনদ-উল্লাস দেখিবলৈ পোৱা গৈছে ৷

অহা ৪ আগষ্টত বক্সিঙৰ ছেমি ফাইনেলৰ ৰিঙত নামিব লাভলীনা । প্ৰি-কোৱাৰ্টাৰত ৩-২ ব্যৱধানত জয়ৰ পাচত কোৱাৰ্টাৰ ফাইনেলত আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ৪-১ ব্যৱধানত জয় লাভ কৰিলে লাভলীনাই ৷ গতিকে লাভলীনাৰ পৰা আৰু অধিক সুফলৰ আশা কৰিছে ক্ৰীড়া অনুৰাগী সকলে ৷

লগতে পঢ়ক: লাভলীনাৰ বিজয়ত উৎফুল্লিত মৰাণবাসী

Last Updated :Jul 31, 2021, 12:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.