ছেমিফাইনেলত লাভলীনা : বৰপথাৰত আনন্দৰ বন্যা

By

Published : Jul 30, 2021, 12:59 PM IST

thumbnail

অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ সাফল্যত আনন্দত আত্মহাৰা হৈ পৰিছে সকলো ৷ টকিঅ’ অলিম্পিক(Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহায়ে(Boxer Lovlina Borgohain)ৰ বক্সিঙৰ 69 কেজি শাখাৰ ছেমিফাইনেলত প্ৰৱেশ ৷ 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷ ইয়াৰ লগে লগেই লাভলীনা হৈ পৰিল অলিম্পিকত মেডেল লাভ কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ নাডিন এপেটজৰ বিৰুদ্ধে জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই ৷ লাভলীনাই জয় লাভ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ অসমৰ লগতে গৃহ স্থান গোলাঘাট জিলাৰ বৰপথাৰত দেখা গ'ল ৰাইজৰ মাজত আৱতৰীয়া বিহুৰ উচাহ । সকলোৱে আনন্দতে বিহু নৃত্য কৰি আত্মহাৰা হৈ লাভলীনা জিন্দাবাদ,লাভলীনাই সোণৰ পদক জিকিব বুলি ধ্বনি দিয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.