অসম

assam

Bhupen hazarika: গোলাঘাটত আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 7:00 PM IST

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন ৷ লোক সংস্কৃতিৰ সাধক ড৹ পদ্মেশ্বৰ গগৈক ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান ৷

AASU Pays Tribute to Bhupen Hazarika
ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান

ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

গোলাঘাট, 5 নৱেম্বৰ :গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ড৹ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত দেওবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন ৷ এই অনুষ্ঠানতে গোলাঘাটৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী তথা লোক সংস্কৃতিৰ সাধক ড৹ পদ্মেশ্বৰ গগৈক ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা মৃত্যু বাৰ্ষিকী বা জন্ম বাৰ্ষিকীত কেৱল মাত্ৰ চৰকাৰীভাৱে কেইটামান প্ৰতিযোগিতা অনুষ্ঠিত কৰি, সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনায়ে ভূপেন হাজৰিকাক চৰকাৰে জীয়াই ৰখাক লৈ ক্ষোভ উজাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

তেওঁ কয় যে, ড৹ ভূপেন হাজৰিকা অসমীয়া জাতিৰ এজন শ্ৰেষ্ঠ ব্যক্তি আছিল ৷ তেওঁৰ প্ৰতিটো গীত, কথাই অসমীয়া জাতিক সাহস দিছিল, প্ৰেৰণা দিছিল ৷ এইগৰাকী ভূপেন হাজৰিকাই অসমীয়া জাতিটোক যথেষ্ঠ চহকী কৰি গ’ল ৷ উঠি অহা প্ৰজন্মই তেখেতৰ পথেৰে পাথেয় হৈ আগবাঢ়ি যাব লাগিব ৷

লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি শংকৰজ্যোতি বৰুৱাই কয় যে, ভূপেন হাজৰিকাক লৈ চৰকাৰে যেনেধৰণেৰে কাম-কাজ কৰিব লাগিছিল তেনেদৰে কৰিব নোৱাৰিলে ৷ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাক লৈ চৰকাৰে দুখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে আছুক প্ৰতিশ্ৰুতি দিছিল চৰকাৰে ৷ কিন্তু আজি পৰ্যন্ত এই বিষয়ত কোনো কাম-কাজ আগনাবাঢ়িলে বুলি কয় তেওঁ ৷ কিন্তু ছাত্ৰ সন্থা এই বিষয়ত নেৰানেপেৰাকৈ লাগি আছে আৰু ভূপেন হাজৰিকাৰ নামত আসন হ’বই লাগিব বুলি কয় বৰুৱাই ৷

ইফালে সমাধি ক্ষেত্ৰখন আহল-বহলকৈ নিৰ্মাণ কৰাৰ কথা কোৱা হ’ল, নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও চৰকাৰে দিছিল কিন্তু আজি পৰ্যন্ত চৰকাৰে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি কয় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উঠি অহা প্ৰজন্মই যাতে ভূপেন দাৰ অমৰ সৃষ্টি তথা সমল সমূহ অধ্যয়ন আৰু গৱেষণাৰ বাবে বিছাৰিলেই উপলব্ধ হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আছুৱে উত্থাপন কৰিছিল ৷ কিন্তু সেয়াও হৈ নুঠিল বুলি কয় তেওঁ ৷

কেৱল মাত্ৰ জন্ম বাৰ্ষিকী আৰু মৃত্যু বাৰ্ষিকীত চৰকাৰীভাৱে কেইটামান প্ৰতিযোগিতা অনুষ্ঠিত কৰি, সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনায় ভূপেন দাক জীয়াই ৰাখিলে নহ’ব বুলি কয় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

লগতে পঢ়ক :Samujjal Kumar Bhattacharya: অসমত কেৱল খিলঞ্জীয়াবাদৰ স্থান আছে, মৌলবাদৰ নাই; সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details