ETV Bharat / state

Samujjal Kumar Bhattacharya: অসমত কেৱল খিলঞ্জীয়াবাদৰ স্থান আছে, মৌলবাদৰ নাই; সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 4:50 PM IST

অসমত কেৱল খিলঞ্জীয়াবাদৰহে স্থান আছে ৷ কোনো মৌলবাদীৰ স্থান নাই ৷ সুধাকণ্ঠক স্মৰণ কৰি এনেদৰে মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

Samujjal Kumar Bhattacharya
আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, ৫ নৱেম্বৰ : অসমত কোনো সম্প্ৰদিকতাৰ স্থান নাই । অসমত কোনো মৌলবাদীৰ স্থান নাই ৷ অসমত স্থানত আছে কেৱল খিলঞ্জীয়াবাদৰ ৷ দেওবাৰ সুধাকণ্ঠক স্মৰণ কৰি এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ।

দেওবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাচতে সাংবাদিকৰ মুখামুখি হয় আছুৰ মুখ্য উপদেষ্টাগৰাকী ৷ শেহতীয়াকৈ সাংসদ বদৰুদ্দিন আজমলে অসম আৰু মিঞাৰ সম্পৰ্কত কৰা বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সমুজ্জল ভট্টাচাৰ্যই কয় যে অসমত কেৱল খিলঞ্জীয়াবাদৰহে স্থান আছে ৷

উল্লেখ্য যে, আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনাৰ কৰি ঈদৰ সময়ত গুৱাহাটীৰ অৱস্থাৰ কথা উল্লেখ কৰি কৈছিল, ‘‘তিনিদিন যদি গুৱাহাটীত মিঞা নাথাকে তেতিয়াহ’লে গুৱাহাটী কবৰস্থান হৈ যায় ৷ আমাৰ ল’ৰা-ছোৱালীয়ে ঘৰ বনোৱা কাম কৰে ৷ চবজীৱালা, ৰিক্সাৱালা, মাছ বেপাৰী আমাৰ ল’ৰা-ছোৱালী ৷ তথাপিও মিঞাৰ ভোট নালাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ দহ বছৰ নহয়, হিমন্তক এশ বছৰেও মিঞাই ভোট নিদিয়ে ৷ হিমন্তই জীৱনতো মিঞাক খেদিব নোৱাৰে ।’’ ইফালে ছত্তীশগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ আজমলে কৈছিল, ‘‘যদি ভাৰতত শাসন কৰিব বিচাৰা তেন্তে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব ৷’’

উল্লেখ্য যে দেওবাৰে ড৹ ভূপেন হাজৰিকাৰ মৃত্যু তিথিত শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা ড৹ ভট্টাচাৰ্য ৷ সংবাদ মাধ্যমৰ সন্মুখত আছু নেতাগৰাকীয়ে কয় যে ভূপেন হাজৰিকা কায়িকভাৱেহে আমাৰ মাজত নাই ৷ কিন্তু তেখেতৰ সৃষ্টিৰাজি প্ৰত্যেকগৰাকী খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে ৷

লগতে পঢ়ক : Bhupen Hazarika death anniversary 2023: সুধাকণ্ঠৰ মৃত্যু তিথিত এলাগী হৈ ৰ’ল ভূপেন হাজৰিকা মুকলি মঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.