অসম

assam

পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলিত আহত দুৰ্ধৰ্ষ অপৰাধী

By

Published : Aug 25, 2021, 11:47 AM IST

পুনৰ এনকাউণ্টাৰ(Encounter) ৷ মঙলবাৰে নিশা আৰক্ষীৰ গুলিত আহত এজন দুৰ্ধৰ্ষ অপৰাধী ৷ আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোতেই অপৰাধীজনৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ৷

police-encounter-in-goalpara
আৰক্ষীৰ গুলিত আহত দুৰ্ধৰ্ষ অপৰাধী

গোৱালপাৰা, 25 আগষ্ট: ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এটা এনকাউণ্টাৰৰ(Encounter)ৰ ঘটনা ৷ এইবাৰ এই ঘটনাৰ স্থান হৈছে গোৱালপাৰা ৷ মঙলবাৰে নিশা গোৱালপাৰাৰ ৰংজুলি বেলপাৰাত গোৱালপাৰা আৰক্ষীৰ(Goalpara Police)ৰ গুলিত আহত হয় এজন অপৰাধী ৷

আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে ভৰিত গুলিয়াই আহত কৰে অপহৰণ কাৰ্যৰ লগত জড়িত এজন দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপাক । আটকৰ পূৰ্বে দুধৰ্ষ অপৰাধীটোৱে আন সহযোগীৰ সৈতে অপহৰণৰ এক পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে ৷ গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত চলিছিল অপৰাধীৰ বিৰুদ্ধে চলিছিল অভিযান ৷

আৰক্ষীৰ গুলিত আহত দুৰ্ধৰ্ষ অপৰাধী

লগতে পঢ়ক:বদৰপুৰত আৰক্ষীৰে হোৱা এনকাউন্টাৰ নিহত অস্ত্র সৰবৰাহকাৰী

জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই অপহৰণকাৰী দলটোৰ তিনি সদস্য ক্ৰমে অমৰ থাপা, সমীৰণ ৰাভা আৰু দ্বীপজ্যোতি ৰাভাক আটক কৰিছিল । ইয়াৰে দুধৰ্ষ অমৰ থাপাই পানী খোৱাৰ চলনাৰে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে ভৰিত লক্ষ্য কৰি গুলীচালনা কৰে ।

ইফালে আহত অপৰাধীটোক নিশাৰ ভাগতে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত(Goalpara Civil Hospital) ভৰ্তি কৰোৱা হয় । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, পূৰ্বেও অমৰ থাপা বহুকেইটা অপৰাধৰ লগত জড়িত আছিল । অমৰ থাপাৰ পৰা তিনি জাঁই সজীৱ গুলিসহ এটা 9 এম এম পিষ্টল আৰু 400 টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক:চামগুৰিত বনাঞ্চল এৰি জনাঞ্চলত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details