গোৱালপাৰা, 26 ডিচেম্বৰ : গোৱালপাৰা পঞ্চৰত্নত ২৮ ডিচেম্বৰ পৰা উইন্টাৰ ফেষ্টিভেল আৰম্ভ হ’ব । পূৰ্ণগতিত চলি আছে প্ৰস্তুতি । দেশী-বিদেশী গায়ক-গায়িকাৰ সমাহাৰ ঘটিব ৩১ডিচেম্বৰৰ নিশা । ৰাছিয়াৰ DJ ENERGITA ৰ সৈতে ৩১ ডিচেম্বৰ নিশা উদযাপন কৰক গোৱালপাৰাৰ পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলত ।
গোৱালপাৰা জিলাখন অতীজৰে পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰে চহকী জিলা । জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিকে ধৰি পৰম্পৰাগত খাদ্য সম্ভাৰক প্ৰচাৰ আৰু প্ৰদৰ্শন কৰি দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে দ্বিতীয়বাৰৰ বাবে গোৱালপাৰাৰ পঞ্চৰত্নৰ ৰূপালী বালি চাপৰিত আয়োজন কৰা হৈছে ‘পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল’ । অহা ২৮ ডিচেম্বৰৰ পৰা নৱবৰ্ষৰ পহিলা দিনলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল ৷
পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ সফল ৰূপায়নৰ বাবে আয়োজক মণ্ডলীয়ে পৰ্যটকক আকৰ্ষিত কৰিবলৈ ইতিমধ্যেই উইণ্টাৰ ফেষ্টিভেলৰ যাৱতীয় প্ৰস্তুতিৰ কাম পূৰ্ণগতিত চলাই থকা পৰিলক্ষিত হৈছে । নৰনাৰায়ণ সেতুকে ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বেলি ডুব যোৱাৰ মনোৰম দৃশ্যৰ এক নৈসৰ্গিক পৰিৱেশেৰে পৰিপুষ্ট সেউজ পঞ্চৰত্ন পাহাৰৰ উত্তৰ পাদদেশত থকা আঠশ মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ ৰূপালী বালি চাপৰিত বাঁহ-বনেৰে সৰু সৰু জুপুৰিকে ধৰি ব্যতিক্ৰমি ছেল্ফি পইণ্ট সজাই তোলা হৈছে । মূল প্ৰৱেশ পথত বাঁহেৰে সজাই থকা হৈছে আকৰ্ষণীয় তোৰণ ।