অসম

assam

মূল সুঁতিলৈ ঘূৰি আঁহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি: ধনপাইনন থাওচেন

By

Published : Aug 17, 2021, 2:27 PM IST

Updated : Aug 17, 2021, 2:48 PM IST

উগ্ৰপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেচন আৰ্মিক মূল সুঁতিলৈ ঘূৰি অহাৰ আহ্বান ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনৰ ৷ সোমবাৰে সংবাদমেলযোগে এই আহ্বান বিজেপিৰ সভাপতিiৰাকীৰ ৷

dimacha national liberation army
মূল সুঁতি লৈ ঘূৰি আহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি

ডিমা হাছাও,17 আগষ্ট:সোমবাৰে হাফলং অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয় এখন সংবাদমেলৰ ৷ ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনৰ নেতৃত্বত অনুষ্ঠিত হয় এই সংবাদমেলৰ ৷ এই সংবাদমেলতেই ডিমা হাছাও জিলা বিজেপিৰ সভাপতিগৰাকীয়ে উগ্ৰপন্থী সংগঠনৰ লগত কংগ্ৰেছৰ নিচিনা এটা ৰাষ্ট্ৰীয় দলৰ নেত্ৰী জড়িত থকাৰ অভিযোগ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

এই সংবাদমেলতেই বিজেপিৰ জিলা সভাপতি ধনপাইনন থাওচেনে কয় যে, দীর্ঘ দিনৰ পিচতে ডিমা হাছাও জিলালৈ শান্তি ঘূৰি আহিছে ৷ লগতে জিলাখনত আৰম্ভ হৈছিল উন্নয়নৰ কামো । কিন্তু জিলাখনত শান্তি বিনষ্ট কৰাৰ বাবে বিৰোধী দলৰ এগৰাকী সদস্য উগ্ৰপন্থী সংগঠনৰ লগতে জড়িত থকাৰ বিষয়টো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

মূল সুঁতি লৈ ঘূৰি আহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি

জিলা বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, সমাজক আগুৱাই লৈ যোৱাটো শাসক বিৰোধী সকলো দলৰে দায়িত্ব ।

কোনো অশুভ শক্তিক কেতিয়াও উচতনি দিয়া উচিত নহয় বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ ইফালে পুনৰ কংগ্ৰেছী নেতা নিৰ্মল লাংথাচাৰ নেতৃত্বত ডিমাচা নেচনেল আৰ্মি নামৰ উগ্ৰপন্থী সংগঠনটোে সক্ৰিয় হৈ উঠাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷

ৰাজ্যৰ বহু শিক্ষিত যুৱকে বিভিন্ন কাৰণত হাতত মাৰনাস্ত্ৰ লৈ বিপথে পৰিচালিত হৈছে ৷ হাতত মাৰনাস্ত্ৰ তুলি ল’লে ৰাজ্যত শান্তি ঘূৰি নাহে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ সেয়ে সেই সকল শিক্ষিত যুৱক-যুৱতী পুনৰ মূল সূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে সভাপতি ধনপাইনন থাওচেনে ৷

আনহাতে, সংবাদমেলত বিজেপিৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, বিজেপি দলে শান্তি আৰু উন্নয়নৰ লক্ষ্যৰে কাম কৰি আছে । ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বিজেপিয়ে ক্ষিপ্ৰতাৰে কাম কৰি যাব বুলিও উল্লেখ কৰে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে ৷

লগতে পঢ়ক:বাঁহৰ খুঁটাৰে বিদ্যুৎ সেৱা: শংকিত গাঁওবাসী

Last Updated :Aug 17, 2021, 2:48 PM IST

ABOUT THE AUTHOR

...view details