বাঁহৰ খুঁটাৰে বিদ্যুৎ সেৱা: শংকিত গাঁওবাসী

author img

By

Published : Aug 17, 2021, 12:56 PM IST

power-service-running-through-bamboo-pole

কলগাছিয়াৰ গুনিয়ালগুৰিত বাঁহৰ খুঁটা ব্যৱহাৰ কৰি বিদ্যুৎ যোগান(Power Distribution)ৰ ব্যৱস্থা ৷ ওলমি আছে 11 হাজাৰ ভল্টেজৰ হাই ভল্টেজ তাঁৰ । যাৰ ফলস্বৰূপে দুৰ্ঘটনাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ ৷ ইয়াক বিদ্যুৎ বিভাগ(Power Division)ৰ চৰম গাফিলতি বুলি ক’ব খোজে গাঁওবাসীয়ে ৷

কলগাছিয়া, 17 আগষ্ট : বিপজ্জনকভাৱে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি বিদ্যুৎ যোগান(Power Distribution)ৰ ব্যৱস্থা । হাতেৰে চুব পৰাকৈ ওলমি আছে 11 হাজাৰ ভল্টেজৰ হাই ভল্টেজ তাঁৰ । যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । ইফালে অনিয়মীয়া বিদ্যুৎ যোগানে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ।

এই দৃশ্য প্ৰতিফলিত হৈছে কলগাছিয়াৰ গুনিয়ালগুৰিত ৷ সৰভোগ বিদ্যুৎ উপ সংমণ্ডল(Sorbhog Electrical Sub-Division,APDCL)ৰ অন্তৰ্গত কলগাছিয়াৰ দক্ষিণ গুনিয়ালগুৰি গাঁৱত ভয়ংকৰ ৰূপত বাঁহৰ খুঁটাত সংযোগ কৰা হৈছে হাই ভল্টেজ বিদ্যুতৰ তাঁৰ । বিদ্যুৎ বিভাগ(Power Division)ৰ চৰম গাফিলতিৰ বাবে জোৰা-তাপলি মৰা বিদ্যুতৰ তাঁৰসমূহ হাতেৰে চুব পৰা অৱস্থাত বিপজ্জনকভাৱে ওলমি থকা পৰিলক্ষিত হৈছে ৷

কলগাছিয়াত বাঁহৰ খুঁটাৰে বিদ্যুৎ সেৱা

লগতে পঢ়ক : বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ দি ৰাইজক বিপদৰ মাজলৈ ঠেলিছে শক্তি বিভাগে

উক্ত ঘটনাক লৈ চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ যিকোনো মূহুৰ্ততে তেওঁলোকে ভয়ংকৰ শ্বৰ্ট চাৰ্কিটৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, কলগাছিয়াৰ এম এছ ইউনাইটেড এণ্টাৰপ্ৰাইজ(MS United Enterprise) নামৰ ব্যক্তিগত সংস্থাটোৱে বিদ্যুৎ বিভাগৰ CBDF আঁচনিৰ নিবিদা লাভ কৰাৰ পাচতেই চৰম গাফিলতিৰে বিদ্যুৎ সেৱা পৰিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাইজৰ ঘৰৰ সমীপতে স্থাপন কৰা এই হাই ভল্টেজ বিদ্যুৎ ট্ৰান্সফৰ্মাৰটো বেৰ নিদিয়াকৈ উন্মুক্ত অৱস্থাত থকাৰ লগতে কাঠ আৰু বাঁহৰ খুটিত সংযোগ কৰা হৈছে বৈদ্যুতিক তাঁৰ ।

ইয়াৰ ফলত ভয়ংকৰ বিপদৰ আশংকা কৰিছে ৰাইজে । আনহাতে, অঞ্চলটোত নিয়মিত বিদ্যুৎ যোগান নধৰাৰ উপৰিও গ্ৰাহকে অত্যাধিক বিল পৰিশোধ কৰিব লগা হয় ৷ যাৰ ফলস্বৰূপে যমৰ যাতনা ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ ৷

লগতে পঢ়ক : এটা ট্ৰান্সফৰ্মাৰে টেনচন বঢ়াইছে এখন গাঁৱৰ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.