অসম

assam

Har Ghar Tiranga 2022: হৰ ঘৰ ত্ৰিৰংগা অভিযানক লৈ হাফলঙত সজাগতামূলক শোভাযাত্ৰা

By

Published : Aug 7, 2022, 6:21 PM IST

ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে দেশত উদযাপন হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ চৰকাৰৰ আহ্বান মৰ্মে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো পালন কৰা হ'ব হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৷ সমান্তৰালকৈ এই কাৰ্যসূচী সফলমণ্ডিত কৰিবলৈ হাফলঙত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত সজাগতামূলক শোভাযাত্ৰা ৷

Awareness march at Haflong to mark 75th years of Independence of India
হৰ ঘৰ ত্ৰিৰংগা অভিযানক লৈ হাফলঙত সজাগতামূলক শোভাযাত্ৰা

ডিমা হাছাও, 7 আগষ্ট : ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে(75th years of Independence of India) কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা "আজাদী কা অমৃত মহোৎসৱ"ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনাইছিল আহ্বান ।

সেই আহ্বান মৰ্মে এইবাৰ হাফলং চহৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়, হাফলং মুখ্য পোষ্ট অফিচ, হাফলং পৌৰ বোৰ্ডৰ কাৰ্যালয় প্ৰাংগণৰ লগতে বিভিন্ন ঠাইত জাতীয় পতাকা বিক্ৰী কৰাৰ কেন্দ্ৰৰ লগতে চেল্ফি পইন্ট খোলা হয় ।

হৰ ঘৰ ত্ৰিৰংগা অভিযানক লৈ হাফলঙত সজাগতামূলক শোভাযাত্ৰা

হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ(Har Ghar Tiranga 2022) অংশ হিচাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সমান্তৰালকৈ দেওবাৰে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলংত এক সজাগতা শোভাযাত্ৰা উলিওৱা হয়(Awareness march at Haflong) । ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত হাফলং সাংস্কৃতিক ভৱনৰ পৰা এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে ৷ এই শোভাযাত্ৰাত মহিলাসকলে ভাগ লোৱাৰ বিপৰীতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ভাগ লয় ।

ইফালে, হাতে হাতে জাতীয় পতাকা লৈ হাফলং সাংস্কৃতিক ভৱন প্ৰাংগণৰ পৰা আৰম্ভ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত সচিবালয় ৰোটাৰি হৈ পুনৰ হাফলং সাংস্কৃতিক ভৱনত এই শোভাযাত্ৰাৰ অন্ত পৰে ।

লগতে পঢ়ক :Tiranga Distribution: অমৃত মহোৎসৱ আৰু এগৰাকী ব্যতিক্ৰমী শিক্ষক

ABOUT THE AUTHOR

...view details