Tiranga Distribution: অমৃত মহোৎসৱ আৰু এগৰাকী ব্যতিক্ৰমী শিক্ষক

By

Published : Aug 7, 2022, 2:28 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

সমাগত স্বাধীনতা দিৱস ৷ দেশজুৰি 75 তম স্বাধীনতা দিৱস উদযাপনৰ উলহ মালহৰ মাজতেই এগৰাকী শিক্ষকৰ মহানুভৱতাই আকৰ্ষণ কৰিছে অভয়াপুৰীবাসীক (Tiranga Distribution at Abhayapuri)৷ দেওবাৰে অভয়াপুৰী ২ নং প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ছিৰখাত হুছেইনে অভয়াপুৰীৰ হৰিজন কলনীৰ ঘৰে ঘৰে বিলাইছে ত্ৰিৰংগা ৷ নিজ সামৰ্থ অনুসাৰে হাতত জাতীয় পতাকা লৈ নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে ত্ৰিৰংগা বিলোৱাৰ লগতে কণ কণ শিশুসকলক "তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে...." শীৰ্ষক পদ্য আওৰাবলৈ শিকায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক্ৰমে হৰ ঘৰ ত্ৰিৰংগা অভিযানক সৰোগত কৰি দেশৰ বাবে অকণমান সহায়ৰ হাত আগবঢ়াই এই গৰাকী শিক্ষকে ৷ আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষকগৰাকীয়ে লগতে কয় যে অহা 13 আগষ্টত হৰিজন কলনীত জাতীয় পতাকা উত্তোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হ’ব ৷ শিক্ষকগৰাকীৰ এই কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.