অসম

assam

প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিত যোগদানৰ উদ্যোগ কোনে লৈছে ? উত্তৰ লাগে তেলীক

By

Published : Oct 5, 2022, 10:32 PM IST

প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিত যোগদান কৰাবলৈ কোনে উদ্যোগ লৈছে তাৰ উত্তৰ লাগে ৰামেশ্বৰ তেলীক ৷ ডিব্ৰুগড়ৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী হৈও এই কথা গম নোপোৱাত এক প্ৰকাৰে আক্ষেপ প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Union minister Rameswar Teli) ৷

প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিত যোগদানৰ উদ্যোগ কোনে লৈছে ? নাজানে ৰামেশ্বৰ তেলীয়ে
প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিত যোগদানৰ উদ্যোগ কোনে লৈছে ? নাজানে ৰামেশ্বৰ তেলীয়ে

ডিব্ৰুগড়, 5 অক্টোবৰ: 8 অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া বিশাল জনসভাত ৰাজ্যৰ বহুকেইজন কংগ্ৰেছ নেতাই যোগদান কৰিব বুলি ব্যাপক চৰ্চা চলিছিল । বিশেষকৈ প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদানৰ খবৰে বৰ্তমানৰ বিজেপি নেতা-বিধায়কৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল (Pranjal Ghatowar to join BJP)।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ সৈতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি ঘনিষ্ঠতা থকা বাবে ঘাটোৱাৰে পুত্ৰক ৰাজনৈতিকভাৱে সংস্থাপন দিবলৈ চেষ্টা চলোৱা বুলিও চৰ্চা চলিছে । ঘাটোৱাৰে বিজেপিত যোগদান কৰিলে লক্ষ্য হ'ব মৰাণ বিধানসভা সমষ্টিৰ অথবা ডিব্ৰুগড় লোকসভা সমষ্টি ।

সেয়ে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰা বিষয়ত সৰৱ হৈছিল মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ(MLA of Moran constituency) লগতে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Union minister Rameswar Teli)।

প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিত যোগদানৰ উদ্যোগ কোনে লৈছে ? নাজানে ৰামেশ্বৰ তেলীয়ে

প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানক লৈ মৰাণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, প্ৰাঞ্জল ঘাটোৱাৰক(Congress leader Pranjal Ghatowar) বিজেপিত যোগদান কৰাবলৈ কোনে উদ্যোগ লৈছে এতিয়ালৈকে গম পোৱা নাই । কোনে উদ্যোগ লৈছে সেই বিষয়ে ৰাজ্যিক সভাপতিক সোধাত সঠিক উত্তৰ দিব পৰা নাই বুলিও কয় ৰামেশ্বৰ তেলীয়ে ।

ডিব্ৰুগড়ৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী হৈও এই কথা গম নোপোৱাত একপ্ৰকাৰে আক্ষেপ প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিত যোগদান কৰোৱাই ৰাজনৈতিকভাৱে সংস্থাপন কৰাবলৈ যে বিজেপিৰ ভিতৰতে একাংশই চেষ্টা কৰিছে সেই কথাই প্ৰমাণ হৈছে মন্ত্ৰীগৰাকীৰ কথাত ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচনৰ পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দল ঘোষণা

ABOUT THE AUTHOR

...view details