অসম

assam

দল সংগঠনৰ অভিযোগক প্ৰত্যাখ্যান কৰি যোগ্যজনেহে চাকৰি পাব বুলি ক’লে অইল কৰ্তৃপক্ষই

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 1:33 PM IST

Oil India Authorities Press Meet in Duliajan : দুলীয়াজানত অইল কৰ্তৃপক্ষৰ সংবাদমেল ৷ অইলৰ কাৰিকৰী পদৰ নিযুক্তিৰ সন্দৰ্ভত উঠা অভিযোগক প্ৰত্যাখ্যান অইল কৰ্তৃপক্ষৰ ৷ যোগ্যজনেহে চাকৰি পাব বুলি সংবাদমেলত উল্লেখ কৰিলে অইল কৰ্তৃপক্ষই ৷

Oil authorities reject SMSS allegations
দল সংগঠনৰ অভিযোগক প্ৰত্যাখ্যান কৰি যোগ্যজনেহে চাকৰি পাব বুলি কলে অইল কৰ্তৃপক্ষই

দল সংগঠনৰ অভিযোগক প্ৰত্যাখ্যান কৰি যোগ্যজনেহে চাকৰি পাব বুলি কলে অইল কৰ্তৃপক্ষই

ডিব্ৰুগড়, 10 জানুৱাৰী : অইলৰ কাৰিকৰী পদৰ নিযুক্তিৰ বিতৰ্কৰ সন্দৰ্ভত বুধবাৰে সংবাদমেল আয়োজন কৰে অইল কৰ্তৃপক্ষই ৷ দুলীয়াজানস্থিত অইলৰ মুখ্য কাৰ্যালয়ত অইলৰ মুখপাত্ৰ ভৈৰৱ ভূঞাই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কয়, ‘‘2023 বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত কাৰিকৰী পৰীক্ষা ফলাফল সোমবাৰে ঘোষণা কৰা হৈছে ৷ কাৰিকৰী অসুবিধাৰ বাবে ফলাফল ঘোষণা কৰা পলম হ’ল ৷’’

পৰীক্ষাৰ বিসংগতিৰ অভিযোগৰ সন্দৰ্ভত তেওঁ কয়, ‘‘পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰদান কৰোতে কিছু বিসংগতি দেখা গৈছিল ৷ পৰৱৰ্তী সময়ত অইলৰ ফালৰ পৰা সকলো তন্ন-তন্নকৈ তদন্ত কৰা পাচতে সকলো বিসংগতি দূৰ কৰা হৈছিল ৷ সেয়ে 24 অক্টোবৰৰ ভিতৰত চি বি টি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ৷’’

পৰীক্ষা কেন্দ্ৰত মোবাইল ব্যৱহাৰ কৰা বুলি উত্থাপিত অভিযোগৰ সত্যতা স্বীকাৰ কৰি অইলৰ মুখপাত্ৰগৰাকীৰে কয়, ‘‘তিনিচুকীয়াৰ এটা পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ থকাৰ পাচতো এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাকেন্দ্ৰৰ ভিতৰলৈ মোবাইল নিবলৈ সক্ষম হৈছিল আৰু পৰীক্ষাৰ্থীজনে প্ৰশ্নকাকতৰ প্ৰশ্ন ফটো আপলোড কৰিছিল সামাজিক মাধ্যমত ৷ এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত কৰি আছে ৷’’

তেওঁ লগতে কয়, ‘‘ইফালে কিছু প্ৰশ্নৰ উত্তৰত দুটাকৈ উত্তৰ আছিল বুলি প্ৰায় 2,000 জন পৰীক্ষাৰ্থীয়ে অভিযোগ দাখিল কৰিছিল কৰ্তৃপক্ষক ৷ সেই অভিযোগৰ তদন্ত কৰা হৈছিল আৰু প্ৰশ্ন কাকতৰ উত্তৰৰ কিছু বিসংগতি দেখা পাইছিলো ৷ তাৰ পাচত সঠিক উত্তৰ বাবে প্ৰায় সংখ্যক পৰীক্ষাৰ্থীক নম্বৰো বঢ়াই দিয়া হৈছে ৷ 150 জন পৰীক্ষাৰ্থীৰ উত্তৰ ভুল আছিল ৷ সকলো সঠিকভাবে সম্পন্ন হোৱাৰ পাচত আমি নিকা ভাৱে ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছো ৷ মই ভাৱো যোগ্যজনেহে চাকৰি পাব ৷’’

ইফালে অইল ইণ্ডিয়া কৰ্তৃপক্ষই কেৱল নিজৰ সম্পৰ্কীয় প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবে বিসংগতিপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে । তদন্তৰ দাবীত শুকুৰবাৰৰ পৰা অনশত বহিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ কিন্তু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ বাবে অইল কৰ্তৃপক্ষই প্ৰস্তাৱ দিছিল ছাত্ৰ সংগঠনটোক ৷ মঙলবাৰে ছাত্ৰ সংগঠটোৱে অনশন ভংগ কৰাৰ পাচতে পৰীক্ষাত কোনো বিসংগতি হোৱা নাই বুলি আজিৰ সংবাদমেল উল্লেখ কৰে অইল কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :আন্দোলনৰ ওচৰত হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details