অসম

assam

Hooliganism by Non Assamese people : ডিব্ৰুগড়ৰ ৰাজপথত অনা অসমীয়াৰ গুণ্ডাগিৰি, আৰক্ষীৰে মিতিৰালিৰ গুৰুতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:06 PM IST

ডিব্ৰুগড়ত চহৰ ক্ৰমাৎ অপৰাধ ক্ষেত্ৰলৈ পৰিণত হৈছে । ডিব্ৰুগড়ত ইটোৰ পিচত সিটোকৈ হত্যাকাণ্ডৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এতিয়া নিশা হ'লেই জিলাখনৰ ৰাজপথত মানুহ ওলাব নোৱাৰা হৈছে ৷ মটক যুৱ ছাত্র সন্মিলনৰ লাহোৱাল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিতুপন চেতিয়াক নিশা পৰিয়ালৰ সৈতে থকা অৱস্থাত গুণ্ডাগিৰি আৰু ডকাইতিৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
Hooliganism by Non Assamese people
ডিব্ৰুগড়ৰ ৰাজপথত অনা অসমীয়াৰ গুণ্ডাগিৰি

ডিব্ৰুগড়ৰ ৰাজপথত অনা অসমীয়াৰ গুণ্ডাগিৰি

মৰাণ, 15 ছেপ্টেম্বৰ : নিশা হ'লেই ডিব্ৰুগড়ৰ ৰাজপথত চলে একাংশ গুণ্ডাগিৰি ৷ এতিয়া ৰাজ্যত নিশাৰ ৰাজপথত অনা অসমীয়াৰ গুণ্ডাগিৰি চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ডিব্ৰুগড়ত চহৰ ক্ৰমাৎ অপৰাধ ক্ষেত্ৰলৈ পৰিণত হৈছে । ডিব্ৰুগড়ত ইটোৰ পিচত সিটোকৈ হত্যাকাণ্ডৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এতিয়া নিশা হ'লেই জিলাখনৰ ৰাজপথত মানুহ ওলাব নোৱাৰা হৈছে ৷

যোৱা 10 ছেপ্টেম্বৰৰ নিশা ডিব্ৰুগড়ৰ ৰাজপথত অনা অসমীয়া যুৱকৰ গুণ্ডাৰাজৰ ঘটনা পোহৰলৈ আহিছে । এই ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ লাহোৱালত ভুক্তভোগী আৰু মটক যুৱ ছাত্র সন্মিলনে যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে ।

মটক যুৱ ছাত্র সন্মিলনৰ লাহোৱাল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিতুপন চেতিয়াক নিশা পৰিয়ালৰ সৈতে থকা অৱস্থাত গুণ্ডাগিৰি আৰু ডকাইতিৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মাতৃ-কন্যাক লৈ পুৱতি নিশা প্ৰায় 2.30 বজাত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত বিতুপন চেতিয়াক সেউজপুৰ তিনিআলিত আগচি ধৰি অশ্লীল গালি গালাজ দিয়াৰ অভিযোগ উঠিছে ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটৰ কৃষ্ণ অজিত সৰিয়াৰ পুত্ৰ শুভম অজিত সৰিয়াৰ বিৰুদ্ধে।

কমন এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী কৃষ্ণ অজিত সৰিয়াই ডিব্ৰুগড় আৰক্ষীৰে গোপন বুজাবুজিৰো অভিযোগ ভুক্তভোগী যুৱকজনৰ। মাতৃ-পত্নীক অভদ্ৰ আচৰণ আৰু অশ্লীল গালি গালাজ তথা জাতিক অপমান কৰা শুভম অজিত সৰিয়াই বিতুপন চেতিয়াৰ পৰা ধন দাবী কৰাৰো অভিযোগ আনিছে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বিতুপন চেতিয়াই ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে শুভমৰ এ এছ ০6 এ ডি 0897 নম্বৰৰ বাহনখন জব্দ কৰে যদিও ৰহস্যজনকভাৱে পৰৱৰ্তী সময়ত বাহনখন মোকলাই দিয়ে বুলি জানিবলৈ দিছে । সেয়ে আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ ভুক্তভোগী আৰু মটক যুৱ-ছাত্র সন্মিলনৰ। এই ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ আৰক্ষীক দাবী মটক যুৱ-ছাত্র সন্মিলনৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক:Gold Smuggler arrested : গুৱাহাটীত চোৰাং সোণসহ গ্ৰেপ্তাৰ মহিলাকে ধৰি চাৰিজনক

ABOUT THE AUTHOR

...view details