অসম

assam

Scheduling of six tribes : দুৰ্গা পূজাৰ পিছতে আন্দোলনৰ হুংকাৰ টাইপাকে ধৰি কেবাটাও সংগঠনৰ

By

Published : Sep 26, 2022, 10:05 PM IST

Six tribes of Assam
দুৰ্গা পূজাৰ পিছতে আন্দোলনৰ হুংকাৰ টাইপাকে ধৰি কেবাটাও সংগঠনৰ

ছয় জনগোষ্ঠীয় সংগঠনক লৈ গঠন হ’ব উমৈহতীয়া মঞ্চ ৷ জন-জাতিকৰণক লৈ দুৰ্গা পূজাৰ পিছতে আন্দোলনৰ হুংকাৰ চুতীয়া জাতি যুৱ সন্মিলন অসম, টাইপা আৰু আদিবাসী ছাত্ৰ সন্থা (Scheduling of six tribes) ৷ সোমবাৰে সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে এই তিনি সংগঠনে ৷

ডিব্ৰুগড়, 26 ছেপ্টেম্বৰ :চৰ্চাত আজিও ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ (Scheduling of six tribes) ৷ কিয়নো অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে, তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুনৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷

সকলোৰে জ্ঞাত যে, কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ তালিকাত নাই অসমৰ ছয় জনগোষ্ঠীৰ নাম (Six tribes of Assam) ৷ কিন্তু ইমানৰ পাচতো 22 ছেপ্টেম্বৰত জনতা ভৱনত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৈঠকত মিলিত হয়(CM meeting at Janta Bhawan) ।

বৈঠকত আদিবাসী, চুতীয়া, কোঁচ-ৰাজবংশী, মটক, মৰাণ আৰু টাই আহোম জনগোষ্ঠীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাৰ অন্তত ঐক্যমঞ্চই 26 ছেপ্টেম্বৰত আজি ৰাজ্যজুৰি অসম বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে । যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে চুতীয়া জাতি যুৱ সন্মিলন অসম, টাইপা, আদিবাসী ছাত্ৰ সন্থাকে ধৰি কেবাটাও সংগঠন ৷

দুৰ্গা পূজাৰ পিছতে আন্দোলনৰ হুংকাৰ টাইপাকে ধৰি কেবাটাও সংগঠনৰ

লগতে পঢ়ক :অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে: টাইপা

এই সন্দৰ্ভত সোমবাৰে মৰাণত এক সংবাদমেল আয়োজন কৰে তিনিওটা জনগোষ্ঠীয় সংগঠনে ৷ এই সংবাদমেলতে চুতীয়া জাতি যুৱ সন্মিলন অসম, টাইপা আৰু আদিবাসী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীক লৈ চৰকাৰৰ সৈতে কোনোধৰণৰ আলোচনাত মিলিত হোৱা নাই বুলি সদৰী কৰে ৷

সংবাদমেলত সংগঠন কেইটাই উল্লেখ কৰা অনুসৰি, পূজাৰ পিছতে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চত নথকা ছয় জনগোষ্ঠীৰ সকলো জাতীয় সংগঠনক লগত লৈ এখন উমৈহতীয়া মঞ্চ গঠন কৰিব ৷ আনকি এই মঞ্চই জনজাতিকৰণ নোপোৱা পৰ্যন্ত শক্তিশালীভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই নিব বুলিও এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে ।

উল্লেখ কৰা মতে, ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতি চুতীয়া জনগোষ্ঠীৰ জাতীয় মঞ্চৰ চাৰিটা স্বীকৃতিপ্ৰাপ্ত সংগঠন ক্ৰমে সদৌ চুতীয়া জাতি সন্মিলন, অসম চুতীয়া জাতি যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া জাতি মহিলা সন্মিলনৰ কোনো ধৰণৰ নৈতিক সমৰ্থন নাই ।

সেয়েহে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ মৰ্যদা নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰে সংবাদমেল আয়োজন কৰা তিনিওটা সংগঠনৰ সদস্যই । উল্লেখ্য যে, সোমবাৰে আয়োজিত এই সংবাদমেলত তিনিওটা সংগঠনৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰক: চুতীয়া ছাত্ৰ সন্থা

ABOUT THE AUTHOR

...view details