জনজাতিকৰণ: শীঘ্ৰে মীমাংসাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Sep 23, 2022, 10:11 PM IST

CM has promised to resolve the Scheduled tribe issue soon

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ (Scheduled tribe issue)৷ সাক্ষাতৰ পাছতে অসম বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ ৷

গুৱাহাটী,23 ছেপ্টেম্বৰ: কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ(Govt cheated six communities of Assam)পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ ৷ বিভিন্ন দল-সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী সিদ্ধান্তত জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ আৰু ৰাজ্যৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে (PM Narendra Modi) ।

বৃহস্পতিবাৰে জনতা ভৱনত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৈঠকত মিলিত হয়(CM meeting at Janta Bhawan) । বৈঠকত আদিবাসী, চুতীয়া, কোঁচ-ৰাজবংশী, মটক, মৰাণ আৰু টাই আহোম জনগোষ্ঠীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাৰ অন্তত ঐক্যমঞ্চই ২৬ ছেপ্টেম্বৰত আহ্বান জনোৱা অসম বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে ।

CM has promised to resolve the Scheduled tribe issue soon
জনজাতিকৰণ: শীঘ্ৰে মীমাংসাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ

জনজাতিকৰণৰ লগতে আন আন বিষয় সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ৷ অসম বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলেও আন্দোলনৰ আন কাৰ্যসূচী চলি থাকিব বুলি ঐক্যমঞ্চই জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো ছমাহৰ পৰা এবছৰৰ ভিতৰত স্থায়ী মীমাংসা কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি মঞ্চই জানিবলৈ দিয়ে(CM promised to resolve Scheduled tribe issue) । আনহাতে পুনৰ শীঘ্ৰেই ছয় জনগোষ্ঠীৰ নেতৃত্বৰে মুখ্যমন্ত্ৰী আলোচনাত বহিব বুলি সংগঠনটোয়ে জানিবলৈ দিয়ে ।

অৱশ্যে বৈঠকক লৈ সন্তষ্ট নহয় ছয় জনগোষ্ঠীয় ঐক্যমঞ্চ ৷ উল্লেখ্য যে ৫ নৱেম্বৰত দিল্লীত হবলগীয়া ধৰ্ণা কাৰ্যসূচীৰ লগতে আন কাৰ্যসূচী অব্যাহত থাকিব ছয় বুলি জনগোষ্ঠীয় ঐক্যমঞ্চই জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰীৰে সৈতে হোৱা বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সঞ্জয় কিষাণ উপস্থিত আছিল।

লগতে পঢ়ক: পুনৰ খোল খালে ভূটানৰ গেলেফু গেট, উৎফুল্লিত সীমান্তবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.