অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে: টাইপা

author img

By

Published : Sep 26, 2022, 1:30 PM IST

TAYPA slams govt over tribalisation in Sivasagar

শিৱসাগৰত জনজাতিকৰণ সন্দৰ্ভত সোমবাৰে টাই আহোম যুৱ পৰিষদে আয়োজন কৰে এখন সংবাদমেল (Tai Ahom Youth Council Press Meet) ৷ সংবাদমেল সম্বোধন কৰি টাইপাৰ যুটীয়া সম্পাদক দীগন্ত তামুলীয়ে কয়, সিদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ছয় জনগোষ্ঠীৰ ভিতৰত আহোম আৰু কোচ ৰাজবংশীসকলক এৰি বাকী চাৰিটা জনগোষ্ঠীক এবছৰৰ ভিতৰত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে । এইয়া এক নিকৃষ্ট চক্ৰান্ত ৷ ইয়াৰ দ্বাৰা চৰকাৰে ছয় জনগোষ্ঠীৰ মাজত বিভেদ অনাৰ লগতে সময় লৈ জনজাতিকৰণ প্ৰক্ৰিয়াটো স্থৱিৰ কৰাৰ চেষ্টা কৰিছে চৰকাৰে ।

শিৱসাগৰ, 26 ছেপ্টেম্বৰ: অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে- তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুনৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷ কাৰণ কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ তালিকাত নাই অসমৰ ছয় জনগোষ্ঠীৰ নাম ৷

অসমৰ ছটাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে (Scheduling of six tribes) ৷ অথচ কেন্দ্ৰীয় চৰকাৰে এইবাৰো যি ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী, টাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম । অসমৰ ছয় জনগোষ্ঠীক (Six tribes of Assam) জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীকেইটাৰ দল-সংগঠনসমূহ ।

জনজাতিকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে টাইপাৰ

শিৱসাগৰত জনজাতিকৰণ সন্দৰ্ভত সোমবাৰে টাই আহোম যুৱ পৰিষদে শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজন কৰে এখন সংবাদমেল (Tai Ahom Youth Council Press Meet) ৷ সংবাদ মেলত জনজাতিকৰণৰ প্ৰক্ৰিয়াক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে টাইপাই (TAYPA slams govt over tribalisation)।

সংবাদমেলখনত টাইপাৰ যুটীয়া সম্পাদক দীগন্ত তামুলীয়ে কয় যে টাইপাই আহোমসকলৰ জনজাতিকৰণৰ বাবে বহু বছৰৰ পৰা আন্দোলন অব্যাহত ৰাখিছে (TAYPA Joint Secretary Diganta Tamuli)। কিন্তু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ 12 জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিছে । ইয়াক লৈ আমাৰ বিৰোধ আছে । কিন্তু এই সন্দৰ্ভত আমাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সৌ সিদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ছয় জনগোষ্ঠীৰ ভিতৰত আহোম আৰু কোচ ৰাজবংশীসকলক এৰি বাকী চাৰিটা জনগোষ্ঠীক এবছৰৰ ভিতৰত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে । এইয়া এক নিকৃষ্ট চক্ৰান্ত ।

তেওঁ লগতে কয়, ইয়াৰ দ্বাৰা চৰকাৰে ছয় জনগোষ্ঠীৰ মাজত বিভেদ অনাৰ লগতে সময় লৈ জনজাতিকৰণ প্ৰক্ৰিয়াটো স্থৱিৰ কৰাৰ চেষ্টা চৰকাৰে কৰিছে । অসম চৰকাৰৰ এনে ঘোষণাক আমি ধিক্কাৰ দিয়াৰ লগতে এনে সিদ্ধান্তৰ বিৰোধীতা কৰিছো । এই প্ৰসংগত চৰকাৰে একাংশ তথাকথিত নেতাৰ লগত আলোচনা কৰি কেতবোৰ বিতৰ্কিত সিদ্ধান্ত লৈছে । যদি আহোম জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাত অসুবিধা আছিল, তেন্তে বিগত সময়ত ৰাজ্যসভাত চৰকাৰে কিয় ছয় জনগোষ্ঠীক জনজাতি প্ৰদানৰ নামত প্ৰতিবেদন দাখিল কৰিছিল ? - এই বুলি প্ৰশ্ন উত্থাপন কৰে তামুলীয়ে ।

এই বিষয় প্ৰক্ৰিয়াক লৈ আহোম জনগোষ্ঠীৰ প্ৰতি চৰকাৰৰ সদিচ্ছা নাই বুলি অভিহিত কৰি তেওঁ লগতে কয় যে, অনাগত সময়ত আহোম জনগোষ্ঠীৰ লোক একত্ৰিত হ'ব লাগিব । যাৰ বাবে অনাগত সময়ত টাইপাই অহা অক্টোবৰ মাহৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে । সেই অনুসৰি অক্টোবৰ মাহত প্ৰতিবাদী কাৰ্যসূচী, নৱেম্বৰ মাহত জনজাগৰণ আৰু ডিচেম্বৰ মাহত অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি টাইপাই ঘোষণা কৰে ।

আনহাতে, বহু বছৰ ধৰি জনজাতিকৰণৰ আন্দোলন চলি থকাৰ পাছতো কিয় বাৰে বাৰে সময় সুবিধা বুজি এই আন্দোলন স্থৱিৰ হয় সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত টাইপাৰ নেতৃত্বই কয় যে টাইপাই কোনো কাৰণত এনে বুজাবুজি কৰা নাই । এতিয়াৰ পৰা টাইপাৰ নেতৃত্বত জনজাতিকৰণৰ আন্দোলন জ‌ংগী আৰু কঠোৰ হ'ব বুলিও টাইপাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে । আনহাতে আহোম জনগোষ্ঠীৰ এই সংকটৰ সময়ত বিজেপি দলৰ সকলো সাংসদ, বিধায়ক, নেতাক জনগোষ্ঠীটোৰ হৈ মাত মাতিবলৈ আহ্বান জনায় ৷

লগতে দিগন্ত তামুলীয়ে কয় যে জাতিটোৰ নামত টিকত লৈ নিৰ্বাচন জিকি যদি জাতিটোৰ প্ৰতি কোনো কাম কৰিব নোৱাৰে তেন্তে তেওঁলোকে তেনে পদ আৰু দল ত্যাগ কৰা উচিত ।

লগতে পঢ়ক: জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰক: চুতীয়া ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.