জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰক: চুতীয়া ছাত্ৰ সন্থা

author img

By

Published : Sep 26, 2022, 8:05 AM IST

Chutia Student Union protest in Majuli

জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বায়িত্বত থকা বিজেপি দলক ৰাজনীতি বন্ধ কৰিবলৈ সকীয়নী প্ৰদান সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ৷ চুতীয়াসকলক স্বায়ত্ব শাসন প্ৰদানৰ লগতে জনজাতিকৰণৰ দাবীত দেওবাৰে সন্ধিয়া মাজুলীত জোৰ সমদল বাহিৰ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই (Chutia Student Union protest) ৷

মাজুলী, 26 ছেপ্টেম্বৰ: অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে- তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুনৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷ কাৰণ কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ তালিকাত নাই অসমৰ ছয় জনগোষ্ঠীৰ নাম ৷

অসমৰ ছটাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে (Scheduling of six tribes) ৷ অথচ কেন্দ্ৰীয় চৰকাৰে এইবাৰো যি ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী, তাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম । অসমৰ ছয় জনগোষ্ঠীক (Six tribes of Assam) জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীকেইটাৰ দল-সংগঠনসমূহ ।

জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ৰাজনীতি বন্ধ কৰিবলৈ সকীয়নী সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ

ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি জনগোষ্ঠীকেইটাৰ দল-সংগঠনসমূহে ৰাজ্যজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ দেওবাৰেও ৰাজ্যজুৰি সৃষ্টি হ’ল এক উত্তাল পৰিৱেশৰ (Chutia demands ST status) ৷ ৰাজ্যৰ পাঁচ জনগোষ্ঠীৰ লগতে চুতীয়াসকলক স্বায়ত্ব শাসন প্ৰদানৰ লগতে জনজাতিকৰণৰ দাবীত দেওবাৰে সন্ধিয়া ৰাজ্যজুৰি জোৰ সমদল বাহিৰ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই (Chutia Student Union protest) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মাজুলীৰ নতুন বজাৰতো জনজাতিকৰণৰ দাবীত জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বাহিৰ কৰা হয় জোৰ সমদল ৷

প্ৰতিবাদস্থলীত ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ (Chutia Student Union Rally Program) ৷ চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ স্বীকৃতি প্ৰদান কৰক, জনজাতি আমাৰ অধিকাৰ, জনজাতিৰ স্বীকৃতি আমাক লাগিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হুঁচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে কঁপাই তোলে আকাশ-বতাহ ৷

আনহাতে ছাত্ৰ সংগঠনটোৰ নেতাই চৰকাৰক তীব্ৰ সমালোচনা কৰি চুতীয়াকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই অহাৰ পাছতো জনজাতিকৰণৰ বিষয়টোক লৈ কেৱল ৰাজনীতিহে কৰা বুলি উল্লেখ কৰে ৷ লগতে জনজাতিকৰণৰ স্বীকৃতি আৰু স্বায়ত্ত শাসন প্ৰদানৰ নামত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চলোৱা ৰাজনীতি শীঘ্ৰেই বন্ধ কৰিবলৈও প্ৰতিবাদস্থলীৰ পৰা সকীয়নী প্ৰদান কৰে ৷

লগতে পঢ়ক: জনজাতিকৰণ নহ’ল: লোকসভা নিৰ্বাচনত প্ৰত্যাহ্বানৰ হুংকাৰ আটাছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.