অসম

assam

CM reaction on CAG report: CAG ৰ প্ৰতিবেদন হাতত পৰিলেই বিহিত ব্য়ৱস্থা গ্ৰহণ কৰিম; মুখ্যমন্ত্ৰী

By

Published : Dec 25, 2022, 1:48 PM IST

CAG ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা দুৰ্নীতিৰ তথ্যই তোলপাৰ লগাইছে ৰাজ্যত (CAG report on NRC) । বিৰোধীয়েও প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে ডিব্ৰুগড়ত CAG ৰ প্ৰতিবেদনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিবেদন হাতত পৰিলেই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ ।

Himanta Biswa Sharma reacts on NRC scam
CAG ৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CAG ৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়,২৫ ডিচেম্বৰ:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRC ৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত কৰিছে 'কেগ'ৰ প্ৰতিবেদনে (CAG report on NRC) । অসম বিধানসভাৰ শীতকালিন অধিৱেশন শনিবাৰে অন্তিম দিনাৰ সদনত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন উত্থাপন কৰা হয় (Comptroller and Auditor General of India) । এই প্ৰতিবেদনত NRC ৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী(Scam in NRC project) হোৱাৰ তথ্য উন্মোচিত হোৱাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।

NRC ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি কেগৰ প্ৰতিবেদনত প্ৰকাশ হোৱাৰ পাছতে ডিব্ৰুগড়ত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে NRC ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা চৰ্চা চলি থকাৰ পাছতেই কেগক প্ৰতিবেদন বিচৰা হৈছিল কিন্তু কেগে ৰাজ্য চৰকাৰক প্ৰতিবেদন দিয়া নাছিল । ৰাজ্য চৰকাৰে কেগৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই ব্যাৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sharma reacts on NRC scam)।

উল্লেখ্য যে, 'কেগ'ৰ প্ৰতিবেদনত প্ৰায় ২৬০ কোটি টকাৰ খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । প্ৰতিবেদন অনুসৰি এন আৰ চিৰ কামত আউটচৰ্চ কৰা কৰ্মচাৰীসকলক মুঠ ৬৭.১৪ কোটি টকা পৰ্যন্ত মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল । অৰ্থাৎ কৰ্মচাৰীসকলক নিৰ্ধাৰিত মজুৰতকৈ কম মজুৰি দিয়া হৈছিল । আনহাতে এন আৰ চিৰ (National Register of Citizens project) বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল ।

সেইদৰে ৩৫ হাজাৰ টকা মূল্যৰ জেনেৰেটৰ ক্ৰয় কৰা হৈছিল ৯৩৯৬৫ টকাত । তদুপৰি ১২৮ টা অতিৰিক্ত জেনেৰেটৰৰ বিপৰীতে ১.২০ কোটি টকা আত্মসাৎ কৰাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে । চফ্টৱেৰ এপ্লিকেচনৰ নামতো হৈছে বিয়াগোম দুৰ্নীতি (NRC software application scam)। চফ্টৱেৰ বিকাশৰ নামত ৭.১০ কোটি টকাৰ অতিৰিক্ত ব্যয় কৰা হৈছিল । সেইদৰে চিষ্টেম ইণ্টিগ্ৰেটৰ ডাটা এণ্ট্ৰি চেণ্টাৰত আবেদন প্ৰ-পত্ৰৰ ডিজিটাইজৰচনৰ নামত ৭.৩৯ কোটি টকা অতিৰিক্ত ব্যয় কৰা হৈছে ।

তদুপৰি এন এছ কেৰ পৰা সন্দেহজনক ডাটা সঞ্চালনৰ নামত অনিয়মীয়া ব্যয় হৈছে ৯.০১ কোটি টকা । এন আৰ চিত হোৱা ব্যাপক অনিয়মৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীক জগৰীয়া কৰা হৈছে । কেগৰ প্ৰতিবেদনত এন আৰ চি সম্পৰ্কীয় দফাত পৃষ্ঠাই পৃষ্ঠাই অনিয়ম আৰু দুৰ্নীতিৰ তথ্য সন্নিবিষ্ট হৈ আছে । এইক্ষেত্রত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Football Tournament in Dibrugarh: ডিব্ৰুগড়ত ফুটবল খেল চাই ৰে’লেৰে ৰাজধানীলৈ উভতিল মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details