অসম

assam

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিতিত প্ৰীতিভোজ

By

Published : Jan 12, 2021, 9:16 AM IST

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিত খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত দলীয় কৰ্মীসভা আৰু প্ৰীতিভোজৰ আয়োজন ৷

Ex Minister Paban singh Ghatowar present at  meeting of Khowang Block Congress Committee
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিতিত প্ৰীতিভোজ

ডিব্ৰুগড়,12জানুৱাৰী: সোমবাৰে মৰাণ বিধানসভা সমষ্টিৰ তিলৈ গ্ৰাম্য বজাৰৰ সমীপৰ ৰাজীৱ ভৱনত এক প্ৰীতিভোজৰ আয়োজন কৰা হৈছিল ৷ খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা হৈছিল এই প্ৰীতিভোজ ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিতিত প্ৰীতিভোজ

প্ৰীতিভোজত প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লগতে উপস্থিত আছিল বিধানসভা সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানৰ কংগ্ৰেছী নেতা-কৰ্মী ৷ এই প্ৰীতিভোজস্থলীৰ পৰাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সকলোলৈকে ইংৰাজী নৱৰ্বষ আৰু মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । প্ৰীতিভোজস্থলীত এখন দলীয় কৰ্মী সভাও অনুষ্ঠিত কৰে প্ৰীতিভোজত উপস্থিত থকা কংগ্ৰেছী নেতা-কৰ্মীসকলে ৷

অন্য এক খবৰৰ বাবে: কোকৰাঝাৰত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা

ABOUT THE AUTHOR

...view details