অসম

assam

মহিলা সৱলীকৰণ সন্দৰ্ভত নাহৰকটীয়াত বিজেপিৰ সভা

By

Published : Aug 17, 2020, 8:10 PM IST

মহিলাসকলৰ সামাজিক সৱলীকৰণৰ উদ্দেশ্যে অসম চৰকাৰৰ অৰুণোদয় মহিলা সৱলীকৰণ আঁচনিখনৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত নাহৰকটীয়া বিজেপি মণ্ডলৰ উদ্যোগত এক মত বিনিময়ৰ অনুস্থান অনুস্থিত হৈ যায় । একেটা অনুস্থানতে সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভতো সভাত উপস্থিত ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।

BJP meeting in Naharkatia on women's empowerment program in Assam
মহিলা সৱলীকৰণৰ ওপৰত নাহৰকটীয়াত বিজেপিৰ সভা

নাহৰকটীয়া,১৭ আগষ্ট: ৰাজ্যৰ প্ৰতিটো পৰিয়াল তথা মহিলাসকলৰ সৱলীকৰণৰ প্ৰসংগৰে নাহৰকটীয়া মণ্ডল বিজেপিৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হৈ যায় এক মত বিনিময়ৰ অনুষ্ঠান ।

মহিলা সকলৰ অৰ্থনৈতিক সক্ষমতা আৰু সামাজিক সৱলীকৰণৰ উদ্দেশ্যৰে অসম চৰকাৰৰ অৰুণোদয় মহিলা সৱলীকৰণ আঁচনিখনৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত উপস্থিত সকলৰ মাজত হয় মত বিনিময় ।

মহিলা সৱলীকৰণৰ ওপৰত নাহৰকটীয়াত বিজেপিৰ সভা

একেটা অনুস্থানতে সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভতো উপস্থিত ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় । লগতে সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰকৰি দলৰ কাৰ্যকৰ্তা সকলে অধিক সক্ৰিয়তাৰে কাম কৰি যোৱাৰ বাবে পন লয় ।

মহিলা সৱলীকৰণৰ ওপৰত নাহৰকটীয়াত বিজেপিৰ সভা

বিজেপি নাহৰকটীয়া মণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা দলৰ অসম প্ৰদেশৰ নৱ নিৰ্বাচিত সম্পাদক তৰংগ গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য তথা জেষ্ঠ কাৰ্যকৰ্তা প্ৰদীপ বুঢাগোঁহাই আৰু ৰঞ্জিত বৰুৱা, ডিব্ৰুগড় জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ, অসম পেট্ৰ কেমিকেলচ লিমিটেডৰ অধ্যক্ষ তথা দলৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা বিকুল ডেকা, জিলা সম্পাদক অমূল্য চেংলাৰী, নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বৰা আৰু জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতাৰ লগতে পঞ্চায়ত পৰ্যায়ৰ বিভিন্ন বিষয়া ববীয়াসকল ।

ABOUT THE AUTHOR

...view details