অসম

assam

ধুবুৰী ফুলবাৰী দলঙৰ অগ্ৰগতিৰ বুজ ল’লে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাটে

By

Published : May 21, 2022, 2:13 PM IST

ধুবুৰীত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু পৰ্যটন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট (Union minister Ajay Bhat in Dhubri) । ধুবুৰী ফুলবাৰী দলঙৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ এন চি চিৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়তো প্ৰশাসনীয় বিষয়াৰ সৈতে এক বৈঠকত মিলিত হৈ বুজ লয় বিভিন্ন আঁচনিৰ ।

Union minister Ajay Bhat in Dhubri
ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাট

ধুবুৰী, 21 মে’ :বহু প্ৰত্যাশিত দলং আছিল ধুবুৰী ফুলবাৰী দলং (Dhubri Phulbari Bridge)। বৰ্তমান বানপানীৰ মাজতো তীব্ৰ গতিত চলিছেদলঙৰ নিৰ্মাণ কাৰ্য । তেনে সময়তে শুকুৰবাৰে নির্মাণৰত ধুবুৰী ফুলবাৰী দলঙৰ অগ্ৰগতিৰ বুজ ল’লে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু পৰ্যটন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে (Union minister Ajay Bhat in Dhubri)।

ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাট

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ আৰম্ভণিৰ পৰা প্ৰায় চাৰি কিলোমিটাৰলৈকে আগবাঢ়ি গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজ চকুৰে প্ৰত্যক্ষ কৰে দলং নির্মাণৰ কাম-কাজ (Ajay Bhat took stock of the progress of Dhubri Phulbari bridge)। কামৰ ঠিকা লাভ কৰা এল এণ্ড টি কোম্পানীৰ বিষয়-ববীয়াও এক সংক্ষিপ্ত বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

উল্লেখ্য যে, গুৱাহাটীৰ পৰা হেলিকপ্টাৰ যোগে আহি পানবাৰীত অৱতাৰণ কৰি স্থল পথেৰে প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উপস্থিত হয় । মহাবিদ্যালয়ৰ এন চি চিৰ ছাত্ৰ-ছাত্ৰীৰ গাৰ্ড অফ অনাৰ গ্ৰহণৰ পিছত এন চি চিৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ তাৰ পাচতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ধুবুৰী ফুলবাৰী দলঙৰ অগ্ৰগতিৰ বুজ ল’লে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাটে

ইয়াৰ পিছতেই নির্মাণৰত ধুবুৰী ফুলবাৰী দলঙৰ নির্মাণ কাৰ্যৰ বুজ লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনীয় বিষয়াসকলৰ সৈতে আন এখন বৈঠকতো অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ধুবুৰী জিলাত ৰূপায়ন হৈ থকা আকাংক্ষিত জিলা কাৰ্যসূচী(Aspirational District Programme)ৰ বুজ লোৱাৰ বাবে দিনযোৰা কাৰ্যসূচী লৈ ধুবুৰীত উপস্থিত হৈছিল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু পৰ্যটন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট৷

লগতে পঢ়ক :প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হ’ল ৰাজনাথ সিঙৰ বিমান

ABOUT THE AUTHOR

...view details