ETV Bharat / state

অৱশেষত আৰম্ভ হৈছে ধুবুৰী-ফুলবাৰী দলঙৰ কাম

author img

By

Published : Nov 11, 2021, 1:47 PM IST

dhubri-phulbari-bridge-work-begins
অৱশেষত আৰম্ভ হৈছে ধুবুৰী ফুলবাৰী দলঙৰ কাম

অৱশেষত আৰম্ভ হৈছে ধুবুৰী-ফুলবাৰী দলঙৰ কাম । পূৰ্ণগতিত চলিছে soil testing ৰ কামো ৷

ধুবুৰী, 11 নৱেম্বৰ : ধুবুৰীবাসীৰ বাবে এক ভাল খবৰ ৷ বহু প্ৰত্যাশিত ধুবুৰী-ফুলবাৰী সংযোগী দলং অৱশেষত বাস্তৱত ৰূপায়ণ হ’বলৈ গৈ আছে । ইতিমধ্যে আৰম্ভ হৈছে দলং নিৰ্মাণৰ কাম । লগতে পূৰ্ণ গতিত চলিছে দলং নিৰ্মাণৰ বাবে soil testing ৰ কামো ৷

বদৰুদ্দিন আজমলে ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচন হোৱাৰে পৰা একাধিকবাৰ ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ প্ৰসংগ সংসদৰ মজিয়াত উপস্থাপন কৰিছিল । লগতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মনমোহন সিং আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুঠ ৩৮ খনকৈ স্মাৰক পত্ৰ দি ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছিল বুলি দাবী কৰে সাংসদ আজমলে ।

অৱশেষত আৰম্ভ হৈছে ধুবুৰী ফুলবাৰী দলঙৰ কাম

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া বহু প্ৰত্যাশিত দলংখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিছিল ৷ 19.28 কিল’মিটাৰ দৈৰ্ঘৰ চাৰিলেনযুক্ত এই দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়াত সুগম কৰি তুলিব বুলি সকলোৱে আশা কৰে ৷

দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ'বলগীয়া এই দলংখন জাইকাৰ ঋণেৰে নিৰ্মাণ কৰা হ'ব ৷ লগতে বহু প্ৰত্যাশিত উক্ত দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰা দেশৰ আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান 'এল এণ্ড টি'য়ে ইতিমধ্যে দলং নিৰ্মাণকাৰ্যৰ কাম-কাজ আৰম্ভ কৰিছে ৷

বুধবাৰে সাংসদ আজমলে মতিৰচৰ অঞ্চলত উপস্থিত হৈ দলং নিৰ্মাণৰ যাৱতীয় কামৰ বুজ লয় । লগতে আধুনিক পদ্ধতিৰে পূৰ্ণ গতিত দলং নিৰ্মাণৰ কাম চলিছে বুলি এই কাৰ্যত জড়িত সকলোকে প্ৰশংসা কৰে ৷ নিৰ্ধাৰিত সাত-আঠ বছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণকাৰ্য সম্পন্ন হ’ব বুলি দাবী কৰে সাংসদ আজমলে ৷

লগতে পঢ়ক : মহানগৰীত ধৰ্মীয় ৰীতি-নীতিৰে পালন ষট পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.