ETV Bharat / state

কাইলৈ প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব ধুবুৰী-ফুলবাৰী দলঙৰ আধাৰশিলা

author img

By

Published : Feb 17, 2021, 5:52 PM IST

অসম তথা ধুবুৰীবাসীৰ সপোন বাস্তৱায়িত হোৱাৰ পথত । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিব ধুবুৰী-ফুলবাৰী দলঙৰ ।

modi will inaugurate dhubri bridge
কাইলৈ প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা

ধুবুৰী, 17 ফেব্ৰুৱাৰী : বহু প্ৰত্যাশিত ধুবুৰী ফুলবাৰী দলং অৱশেষত বাস্তৱত ৰূপায়ণ হ’বলৈ গৈ আছে । কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব দলঙৰ আধাৰশিলা । বহু প্ৰত্যাশিত ধুবুৰী ফুলবাৰী দলংৰ কাম আৰম্ভ হৈছে । পূৰ্ণ গতিত চলিছে দলং নিৰ্মাণৰ বাবে soil testing ৰ কামো ।

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া বহুপ্ৰত্যাশিত দলংখনৰ অহা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিব ৷ ধুবুৰীৰ আদাবাৰী চৌমোৰ অঞ্চলত দলঙখনৰ আধাৰশিলা স্থাপন কৰা হ’ব ।

উক্ত আধাৰশিলা স্থাপন কাৰ্য্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, ধুবুৰীৰ বিধায়ক নজৰুল হকৰ লগতে আন বহু ৰাজনৈতিক নেতা আৰু জিলা প্ৰশাসনীয় বৰমুৰীয়া সকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়ত সুগম কৰি তুলিব বুলিও উল্লেখ কৰে ৷ দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ'বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন উপলক্ষে সেইদিনা ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰো আয়োজন কৰা হৈছে ৷

ৰাজ্য চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী এই অনুষ্ঠানত উপস্থিত থাকিব ৷ উক্ত অনুষ্ঠানত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে ধুবুৰী জিলা প্ৰশাসনে ৷

'জাইকা'ৰ ঋণেৰে নিৰ্মাণ কৰা হ'ব দলংখন ৷ লগতে বহু প্ৰত্যাশিত উক্ত দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰা দেশৰ আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান 'এল এণ্ড টি'য়ে ইতিমধ্যে দলং নিৰ্মাণকাৰ্যৰ প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা আৰু কন্যাৰ ফটোত বিৰূপ মন্তব্য কৰি আটক যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.