ETV Bharat / bharat

প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হ’ল ৰাজনাথ সিঙৰ বিমান

author img

By

Published : May 21, 2022, 10:39 AM IST

দিল্লী অভিমূখে ৰাওনা হোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিমান প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হয় (Rajnath Singhs flight diverted) ৷ বদোদৰাত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জনসমাৱেশত বক্তৃতা প্ৰদান কৰাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী পুনৰ দিল্লীলৈ ৰাওনা হৈছিল ৷

rajnath-singhs-flight-diverted-to-agra-due-to-bad-weather
প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হ’ল ৰাজনাথ সিঙৰ বিমান

নেচনেল ডেস্ক, 21 মে’: শুকুৰবাৰে দেশৰ ৰাজধানী দিল্লীৰ সলনি প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হয় ১১খন বিমান ৷ এই বিমান কেইখনৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিমানখনো আছিল বুলি জানিব পৰা গৈছে (Rajnath Singhs flight diverted) । সূত্ৰ অনুসৰি, গুজৰাটৰ বদোদৰাৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জনসমাৱেশত বক্তৃতা প্ৰদান কৰাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী পুনৰ দিল্লীলৈ ৰাওনা হৈছিল ৷

সূত্ৰ অনুসৰি , '' দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিমানকে ধৰি কমেও ১১খন বিমান বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ আৰু আগ্ৰালৈ ডাইভাৰ্ট কৰা হয় " (Rajnath Singh's flight diverted to Agra due to bad weather) ৷

ইফালে, শুকুৰবাৰে দিল্লীৰ কিছু অংশত হোৱা বৰষুণে প্ৰচণ্ড গৰমৰ পৰা দিল্লীবাসীক সকাহ দিছে (rain in Delhi) ৷ বহু অপেক্ষাৰ পিছত অহা বৰষুণজাকৰ বাবেই এতিয়া চহৰখনৰ তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে ।

লগতে পঢ়ক : Hyderabad Encounter case: বন্ধ খামত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.