অসম

assam

Azadi Ka Amrit Mahotsav: জোনাইত মুকলি ১৯ টাকৈ জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ

By

Published : Aug 5, 2022, 2:01 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো 'ঘৰে-ঘৰে ত্ৰিৰংগা' অভিযানৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে (Har Ghar Tiranga Programme in Jonai) ৷ এই কাৰ্যসূচী সফল ৰূপায়ন তথা ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে অসম ৰাজ্যিক গ্ৰামীণ মিচন, মূৰ্কংচেলেক খণ্ডই ৷ এই অভিযানৰ অংশ হিচাপে জোনাই মহকুমাৰ প্ৰতিটো পঞ্চায়তৰ বিভিন্ন অঞ্চলত মুঠ ১৯ টা সুলভ মূল্যত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে ৷

Tiranga Sales Center opened by SDO in Jonai
জোনাইত মুকলি ১৯ জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ

জোনাই, ৫ আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে (Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে । 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানৰ ব্যাপক কাৰ্যসূচী আৰম্ভ হৈছে অসমতো ৷ এই উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো ইয়াৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে (Har Ghar Tiranga Programme in Jonai) ৷ এই কাৰ্যসূচী সফল ৰূপায়ন তথা ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে অসম ৰাজ্যিক গ্ৰামীণ মিচন, মূৰ্কংচেলেক খণ্ডই ৷ এই অভিযানৰ অংশ হিচাপে জোনাই মহকুমাৰ প্ৰতিটো পঞ্চায়তৰ বিভিন্ন অঞ্চলত মুঠ ১৯ টা সুলভ মূল্যত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে ৷

জোনাইত মুকলি ১৯ জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ

"হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী সফল কৰাৰ লক্ষ্যৰে যোৱা বৃহস্পতিবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত এখন ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ মুকলি কৰিলে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে (Tiranga Sales center opened in Jonai) ৷ এই ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰটো মুকলি কৰি মহকুমাধিপতি গৰাকীয়ে সকলোকে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ৷ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীয়ে সকলোৰে মাজত দেশপ্ৰেমৰ ভাৱ জগাই তুলিব বুলি মন্তব্য কৰে মহকুমাধিপতিগৰাকীয়ে ৷

এই কাৰ্যসূচীত জোনাই নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, অতিৰিক্ত আয়ুক্ত প্ৰীতম দাসৰ লগতে মূৰ্কংচেলেকৰ খণ্ড বিষয়া দেৱী দত্ত গোস্বামীৰ লগতে আন কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক:Har Ghar Tiranga Abhiyan: ডিফুত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ছেলফি পইণ্ট মুকলি

ABOUT THE AUTHOR

...view details