অসম

assam

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভূমি পট্টা বিতৰণ কাৰ্যসূচী

By

Published : Oct 5, 2020, 6:24 PM IST

মঙলদৈ চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দৰং জিলাত ভূমিহীন পৰিয়াললৈ ভূমি পট্টা আৰু আবন্টন প্ৰমাণ প্ৰত্ৰ প্ৰদান এখনি সভা অনুষ্ঠিত হয় । সোমবাৰে ২০০ খন ভূমি পট্টা আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয় ।

patta-and-allotment-certificate-distributes-to-landless
দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভূমি পট্টা বিতৰণ কাৰ্যসূচী

দৰং, 5 অক্টোবৰ : ৰাজ্য চৰকাৰৰ ভূমিহীন পৰিয়াললৈ এক লাখ ভূমি পট্টা প্ৰদান কায্যসূচীৰ অংশ হিচাপে সোমবাৰে দৰং জিলাতো ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ কৰা হয় । মঙলদৈ চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দৰং জিলাত ভূমিহীন পৰিয়াললৈ ভূমি পট্টা আৰু আবন্টন প্ৰমাণ প্ৰত্ৰ প্ৰদান এখনি সভা অনুষ্ঠিত হয় । সোমবাৰে ২০০ খন ভূমি পট্টা আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয় ।

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভূমি পট্টা বিতৰণ কাৰ্যসূচী

জিলাখনৰ মুঠ ১,৯৪৯ জন লোকলৈ ম্যাদী পট্টা আৰু ৩৭০ জনলৈ ভূমি আবন্টন প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰা হয় । দৰং জিলা উপায়ুক্ত দীলিপ কুমাৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী, ৰাজ্যসভাৰ সাংসদ ভূবনেশ্বৰ কলিতা, মঙলদৈ বিধায়ক গুৰুজোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: লালুকত এচিড আক্ৰমণৰ ঘটনা, আহত 6

ABOUT THE AUTHOR

...view details