অসম

assam

দৰং জিলাৰ 909 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

By

Published : Jan 3, 2021, 7:32 PM IST

দেওবাৰে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড৹ বানীকান্ত কাকতি বঁটাৰ অধীনত দৰং জিলাৰ 909 গৰাকী ছাত্ৰীক প্ৰদান কৰা হয় স্কুটি ৷

Assam govt gave scooty for sudents
দৰং জিলাৰ 909 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

দৰং, 3 জানুৱাৰী: দৰং জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড° বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান মঙলদৈ জিলা পুথিভড়ালত অনুষ্ঠিত হয় । দৰং জিলাৰ পৰা কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ 909 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান কৰা হ’ব ।

দৰং জিলাৰ 909 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

অৱশ্যে দেওবাৰে প্ৰথম পৰ্যায়ত জিলাখনৰ বিভিন্ন অঞ্চলৰ মাত্ৰ 5 গৰাকী মেধাৱী ছাত্রীক স্কুটী প্ৰদান কৰে জিলা প্ৰশাসনে ৷ বাকী থকা ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ত স্কুটি বিতৰণ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

দৰং জিলাৰ 909 গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া, মঙলদৈ বিধায়ক গুৰুজ্যোতি দাস, সাংসদ দিলিপ শইকীয়া, জিলা উপায়ুক্তকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তিৰ লগতে জিলাখনৰ দুই শতাধিক ছাত্র-ছাত্ৰী আৰু অভিভাৱক । ইফালে, মেধাৱী ছাত্রীসকলে নিজৰ যোগ্যতা অৰ্জন কৰি এইদৰে স্কুটী পাই আনন্দিত হৈ পৰা লগতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক:শিৱসাগৰৰ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

ABOUT THE AUTHOR

...view details