অসম

assam

Raijmel in Chirang: অসম চৰকাৰৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বড়ো সাহিত্য সভা আৰু এবছুৰ

By

Published : Aug 4, 2022, 1:04 PM IST

Raijmel were held in Chirang by Bodo Sahitya Sabha and ABSU

শেহতীয়াকৈ ৰাজ্য চৰকাৰে শিক্ষা বিভাগ সম্পৰ্কত লোৱা কেবিনেটৰ দুই সিদ্ধান্তক লৈ চিৰাং জিলা সদৰ কাজলগাঁৱত বড়ো সাহিত্য সভা আৰু এবছুৰ উদ্যোগত ৰাইজমেল অনুষ্ঠিত হৈ যায় (Raijmel by Bodo Sahitya Sabha and ABSU)। ৰাজ্য চৰকাৰে কেবিনেটত লোৱা এই দুই সিদ্ধান্ত সলনি নকৰিলে অনাগত দিনত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বড়ো সাহিত্য সভা আৰু এবছুৱে ৷

চিৰাং, 4 আগষ্ট: ৰাজ্যিক কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত পঢ়াটো বাধ্যতামূলক কৰা (Mathematics and science will be taught in English in Assam school) আৰু অসমত নতুনকৈ বিদ্যালয় প্ৰাদেশীকৰণ বন্ধ (New school privatization stopped in Assam) কৰাৰ এক সিন্ধান্ত গ্ৰহণ কৰিছে ।

স্বাভাৱিকতে কেবিনেটৰ এই দুই সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ সম্পৰ্কত লোৱা কেবিনেটৰ এই দুই সিদ্ধান্তক লৈ কাজলগাঁৱত বুধবাৰে এবছু আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত এখন ৰাইজমেল অনুষ্ঠিত হৈ যায় (Bodo sahitya sabha and ABSUs Raijmel)।

অসম চৰকাৰৰ এই দুটা সিদ্ধান্তক লৈ এবছু আৰু বড়ো সাহিত্য সভাই যৌথভাবে তীব্ৰ আপত্তি দৰ্শাই ৷ প্ৰয়োজন সাপেক্ষে চৰকাৰৰ এই কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ কথা প্ৰকাশ কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো আৰু এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ।

অসম চৰকাৰৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বড়ো সাহিত্য সভা আৰু এবছুৰ

অসমত নতুনকৈ বিদ্যালয় প্ৰাদেশীকৰণ বন্ধ কৰাৰ সিদ্ধান্ত বিটিআৰ শান্তিচুক্তিৰ চুক্তিৰ দফা ৬.৩ ৰ পৰিপস্থী আখ্যা দিয়ে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে । বিটিআৰ চুক্তিৰ দফা অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ কৰিবই লাগিব বুলি হুংকাৰ দিয়ে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়োয়ে । চৰকাৰে শিক্ষা বিভাগত লোৱা এই দুই কেবিনেট সিদ্ধান্ত সলনি নকৰিলে কম দিনৰ ভিতৰতে ৰাইজৰ সহযোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাই বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

কাজলগাঁৱত অনুষ্ঠিত এই ৰাইজমেলত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, এবছুৰ সভাপতি দ্বীপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীকে আদি কৰি সমাজৰ বিভিন্ন স্তৰৰ বুদ্ধিজীৱী, দল সংগঠনৰ নেতা কৰ্মী আৰু শিক্ষানুষ্ঠানৰ অধ্যক্ষসকল ।

উল্লেখ্য যে, মঙলবাৰেও একে ধৰণৰ ৰাইজমেল ওদালগুৰি জিলাৰ ভেৰগাঁৱত আৰু বুধবাৰে চিৰাঙত অনুষ্ঠিত হৈ যায় ৷ একেদৰে অসমৰ অন্যান্য বড়ো জনবসতি প্ৰধান জিলাতো এবছু আৰু বড়ো সাহিত্য সভাই ৰাইমেল অনুষ্ঠিত হোৱাৰ কথা সদৰি কৰে ৷

লগতে পঢ়ক:AASU President Comments on Medium Controversy: তৃতীয় শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ বিৰোধিতা আছুৰ

ABOUT THE AUTHOR

...view details