AASU President Comments on Medium Controversy: তৃতীয় শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ বিৰোধিতা আছুৰ

author img

By

Published : Jul 30, 2022, 2:10 PM IST

Updated : Jul 30, 2022, 2:59 PM IST

AASU

ৰাজ্য চৰকাৰৰ কেবিনেটে বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢুওৱাৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ (AASU strongly opposes English medium from class III) । ইয়াৰ দ্বাৰা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধংস হ'ব । যিটো নতুন শিক্ষা নীতি ২০২০ৰ সম্পূর্ণ বিৰোধী । দিল্লীৰ শ্ৰুতলিপি মতে মাতৃভাষাৰ ওপৰত এনে ব্যৱহাৰ কৰাটো অনুচিত । এই মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ।

হোজাই, ৩০ জুলাই : ৰাজ্য চৰকাৰৰ কেবিনেটে বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢুওৱাৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ (AASU opposes study in English medium from class III) । ইয়াৰ দ্বাৰা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধংস হ'ব । যিটো নতুন শিক্ষা নীতি ২০২০ৰ (National Education Policy 2020) সম্পূর্ণ বিৰোধী । দিল্লীৰ শ্ৰুতলিপি মতে মাতৃভাষাৰ ওপৰত এনে ব্যৱহাৰ কৰাটো অনুচিত । এই সিদ্ধান্তৰ দ্বাৰা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ নিঃশেষ কৰাৰ সিদ্ধান্ত লৈছে এইখন চৰকাৰে ।

তৃতীয় শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ বিৰোধিতা আছুৰ

এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ (AASU President opposes cabinet descission of english medium) । আছুৰ সভাপতিজনে লগতে কেবিনেটে লোৱা ছোৱালী বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, এয়া চৰকাৰৰ হঠকাৰী সিদ্ধান্ত । তাৰ পৰিৱৰ্তে অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ বাবে আয়োগ গঠন কৰি আগবঢ়াই লৈ যাব লাগে বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, ৰাজ্যত শেহতীয়াভাৱে বৃদ্ধি পোৱা জেহাদী সন্দৰ্ভতো মন্তব্য আগবঢ়ায় সভাপতি দীপাংক কুমাৰ নাথে (AASU president Dipanka Nath commented on Jihadi) । সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৰে পৰাই জেহাদী, মৌলবাদীৰ কথা কৈ অহা বুলি উল্লেখ কৰি আছুৰ সভাপতিজনে কয় যে চৰকাৰে এতিয়াহে সেয়া দেখিছে । এনে ব্যক্তি যিবিলাক অঞ্চলত আছে, যিবিলাক শিক্ষানুষ্ঠানত আছে সেইবোৰ ব্যক্তিক বিচাৰি উলিয়াই শাস্তি প্ৰদানৰো দাবী কৰে ।

উল্লেখ্য যে শুকুৰবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সুধাকণ্ঠ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ অভিনন্দন অনুষ্ঠান (Special felicitation ceremony at Hojai by District AASU) । উক্ত অনুষ্ঠানত জিলাখনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে প্ৰতিটো বিষয়ত ৯০ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ । উক্ত অনুষ্ঠানত নিজৰ ভাষণত দীপাংক কুমাৰ নাথে ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা বৃহস্পতিবাৰে শিক্ষা সন্দৰ্ভত লোৱা সিদ্ধান্ত সন্দৰ্ভত তীব্ৰ সমালোচনা কৰে ।

Last Updated :Jul 30, 2022, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.