অসম

assam

চিৰাঙত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

By

Published : Feb 22, 2021, 1:11 PM IST

বিজনী থানাৰ অন্তৰ্গত বল্লামগুৰী গাঁৱত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় 6টা পৰিয়ালৰ বহু টকাৰ সা-সামগ্ৰী, গুৰুত্বপূৰ্ণ নথি পত্ৰ ৷ লগতে পশু ধনৰো ক্ষতি সাধন হয় ৷

চিৰাঙত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা
চিৰাঙত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

চিৰাং, 22 ফেব্ৰুৱাৰী :চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বল্লামগুৰী গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷ নিশাই সংঘটিত হোৱা এই অগ্নিকাণ্ডত জাহ যায় 7টাকৈ পৰিয়ালৰ বাসগৃহ ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যোৱা 7টা পৰিয়ালৰে বহু টকাৰ সা-সামগ্ৰী, বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে পশু ধনৰো ক্ষতি সাধন হয় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

চিৰাঙত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

এই অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হৈছে এই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই যদিও বিজনী থানাৰ অন্তৰ্গত বল্লামগুৰী গাঁৱৰ ইদ্ৰিছ আলীৰ ঘৰৰ পৰাই নিশাঅগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ ইফালে পৰৱৰ্তী সময়ত এই ঘটনাৰ বুজ ল’বলৈ ঘটনাস্থলীত সমাজকৰ্মীৰ এটা দল উপস্থিত হৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ কাষত ঠিয় হয় ৷

লগতে পঢ়কঃমানৱ সেৱাৰ বাবে ৰাজপথত নামিল আৰক্ষী অধীক্ষকৰ পত্নী

ABOUT THE AUTHOR

...view details