অসম

assam

8 বছৰে সম্পূৰ্ণ নহ'ল হাইলাকান্দিৰ 30 খন বিচনাযুক্ত প্রাথমিক স্বাস্থ্য কেন্দ্র

By

Published : Jul 17, 2021, 9:08 AM IST

8 বছৰে সম্পূৰ্ণ নহ'ল হাইলাকান্দি জিলাৰ কালীনগৰস্থিত 30 খন বিচনাযুক্ত সৰোজিনী প্রাথমিক স্বাস্থ্যকেন্দ্রৰ (Sarojini primary health center) নতুন ভৱনৰ নির্মাণৰ কাম ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

New health bhawan visit PWD building division officer team At Cashar
8 বছৰ ধৰি সম্পূৰ্ণ নহ'ল হাইলাকান্দিৰ 30 খন বিচনাযুক্ত প্রাথমিক স্বাস্থ্য কেন্দ্র

শিলচৰ, 17 জুলাই :চলিত বিধানসভা অধিৱেশনত হাইলাকান্দি জিলাৰ কালীনগৰস্থিত 30 খন বিচনাযুক্ত সৰোজিনী প্রাথমিক স্বাস্থ্যকেন্দ্রৰ নতুন ভৱন নির্মানৰ কামত ব্যাপক কেলেকাৰী সংঘটিত হোৱা বুলি আলগাপুৰৰ বিধায়ক হাজী নিজাম উদ্দিন চৌধুৰীয়ে অভিযোগ উত্থাপন হৈছে ৷ বিধায়কগৰাকীৰ অভিযোগৰ ভিত্তিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অৱগত হোৱাত ততালিকে স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিবলৈ জিলা ৰাজহুৱা নিৰ্মাণ বিভাগক (PWD) নিৰ্দেশ দিয়ে ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Keshab Mahanta) নিৰ্দেশ মৰ্মে শুকুৰবাৰে ৰাজহুৱা নিৰ্মাণ বিভাগৰ এটা সজাতি দলে স্বাস্থ্যকেন্দ্রৰ নতুন ভৱনটোৰ নির্মাণৰ কাম-কাজ পৰিদৰ্শণ কৰে ৷ উক্ত সজাতি দলটোত আছিল কাছাৰ মহকুমাৰ অধীক্ষক নগেন্দ্ৰ কলিতা, ৰাজহুৱা নিৰ্মাণ বিভাগৰ বিষয়া মধুমিতা দে' আৰু সহকাৰী বিষয়া বিশু দাস ৷

8 বছৰে সম্পূৰ্ণ নহ'ল হাইলাকান্দিৰ 30 খন বিচনাযুক্ত প্রাথমিক স্বাস্থ্য কেন্দ্র

চিকিৎসালয়ৰ অট্টালিকাটো পৰিদর্শন চলি থকাৰ সময়ত উক্ত কামটোৰ ঠিকা লাভ কৰা ঠিকাদাৰ আফতাব উদ্দিন লস্কৰক জবাব দিহি কৰে সজাতি দলটোৱে । ইয়াৰ পিছত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তলৈ বিস্তাৰিতভাৱে কামৰ অগ্রগতিৰ ৰিপোর্ট পঠিয়ায় দলটোৱে । অতি শীঘ্ৰে উক্ত বিষয়টো সন্দৰ্ভত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ইফালে বিধানসভা অধিৱেশনত সৰোজিনী প্রাথমিক স্বাস্থ্যকেন্দ্রৰ (Sarojini primary health center) নতুন ভৱন নির্মাণৰ কাম বন্ধ থকাক লৈ সৰৱ হৈ পৰে আলগাপুৰৰ বিধায়ক হাজী নিজাম উদ্দিন চৌধুৰী । 8 বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত চিকিৎসালয়খনৰ নতুন ভৱনটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও বিগত পাঁচটাকৈ বছৰ বিজেপি চৰকাৰখনে শাসনভাৰ লোৱাৰ পিছচো স্বাস্থ্যকেন্দ্ৰটোৰ নিৰ্মাণৰ কাম শেষ নোহোৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে বিধায়ক গৰাকী ৷

চিকিৎসালয়ৰ নতুন ভৱনৰ কাম শেষ নোহোৱাত স্থানীয় ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ অতিশীঘ্ৰে চিকিৎসালয় খনৰ কাম শেষ কৰি চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে ৷ লগতে ভৱনটোৰ ঠিকালাভ কৰা ঠিকাদাৰজনৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-পাহাৰৰ বাসিন্দাক উচ্ছেদ নকৰে চৰকাৰে: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details