অসম

assam

Wine Seized at Sootea:চতিয়াত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে ৰাইজৰ অভিযান

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 10:30 PM IST

অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অব্যাহত অবৈধ অৰুণাচলী সুৰাৰ বেহা ৷ মঙলবাৰে চতিয়াৰ বিভিন্ন প্ৰান্তত সুৰা ভৰ্তি বাহন জব্দ কৰে ৰাইজে ৷

Wine Seized at Sootea
চতিয়াত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে ৰাইজৰ অভিযান

চতিয়াত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে ৰাইজৰ অভিযান

বিশ্বনাথ, 29 আগষ্ট : ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা ৷ বিশেষকৈ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ বেহা ৷ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে এই বেহা ৷ অৰুণাচল প্ৰদেশৰ ছিজুচাৰ পৰা একাংশ অৰুণাচলী সুৰা বেপাৰীয়ে শোণিতপুৰ জিলালৈ বিলাসী বাহনত দীৰ্ঘদিন ধৰি সৰবৰাহ কৰি আহিছে অবৈধ অৰুণাচলী সুৰা ৷

এইবাৰ আৰক্ষীয়ে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখুৱালে ৷ মঙলবাৰে চতিয়াবাসী ৰাইজে অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা এখন বাহন জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে ৰাইজে ৷ জব্দকৃত বাহনসহ জনৈক বৰুৱা নামৰ এজন কুখ্যাত অৰুণাচলী সুৰা ব্যৱসায়ীক আটক কৰি ৰাইজে চতিয়া আৰক্ষীক গতাই দিয়ে ৷ ইফালে চতিয়া আৰক্ষী থানা অন্তৰ্গত চামগুৰিতো ৰাইজে খেদি খেদি জব্দ কৰে অবৈধ সুৰা ভৰ্তি এখন বাহন ৷ জব্দকৃত বাহনখনৰ নম্বৰ হৈছে এ এচ 06 জে 5155 ৷

আনহাতে পলাই যাবলৈ সক্ষম হয় বাহনখনৰ চালক ৷ আনহাতে ৰাইজৰ অভিযোগ, দীৰ্ঘদিনৰ পৰা চতিয়া আৰক্ষীৰ চকুত ধূলি দি এচাম অসাধু চক্ৰই চিজুছা, নামেৰী, অৰুণাচল, ভালুকপুং আদি ঠাইৰ পৰা অবৈধ অৰুণাচলী সুৰা বিলাসী বাহনত সৰবৰাহ কৰি চতিয়া জামুগুৰিৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছে ৷

‘‘ মঙলবাৰে চতিয়াৰ চামগুৰি অঞ্চলৰ ৰাইজে খবৰ পাই গাঁওৰক্ষী বাহিনীৰ সহযোগত অভিযান চলাই ৷ এই অভিযানত আৰক্ষীয়ে আমাক সহযোগ কৰিছে ৷ আমাৰ গাঁওৰক্ষী বাহিনীৰ লোকে দিনে নিশাই অভিযান অব্যাহত ৰাখিছে ৷’’ এই মন্তব্য গাঁওৰক্ষী বাহিনীৰ সদস্যৰ ৷

লগতে পঢ়ক:Biswanath Naharani river:বিধায়কে কলগছ পুতি দলং হ’ব বুলি কোৱাৰ পাচতো নিৰ্মাণ নহ’ল দলং

ABOUT THE AUTHOR

...view details