অসম

assam

Tense Situation: আজৱ কাণ্ড ! ৰোগীক অস্ত্ৰোপচাৰ কৰি আধাতে স্থানান্তৰকৰণ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 12:04 PM IST

ৰোগীক আধা অস্ত্ৰোপচাৰ কৰি বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিলে চিকিৎসকে ৷ এই নিৰ্দেশনা দিয়েই চিকিৎসক ডাঃ আবু লাইছ মোস্তাক আহমেদে হাস্পতালৰ পৰা পলায়ন কৰে ৷

Tense Situation
ৰোগীক অস্ত্ৰোপচাৰ কৰি আধাতে স্থানান্তৰকৰণ

ৰোগীক অস্ত্ৰোপচাৰ কৰি আধাতে স্থানান্তৰকৰণ

বৰপেটাৰোড, 29 অক্টোবৰ : বৰপেটাৰোডৰ বীণাপাণি নাৰ্চিংহোমত আজৱ কাণ্ড ৷ ৰোগীক আধা অস্ত্ৰোপচাৰ কৰি বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিলে চিকিৎসকে ৷ এই নিৰ্দেশনা দিয়েই চিকিৎসক ডাঃ আবু লাইছ মোস্তাক আহমেদে হাস্পতালৰ পৰা পলায়ন কৰে ৷ এই ঘটনাৰ পিচতে বৰপেটাৰোডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

জানিব পৰা অনুসৰি, বৰপেটাৰোড চহৰত থকা বীণাপাণি নাৰ্চিংহোমত শনিবাৰে সন্ধিয়াৰ ভাগত চিকিৎসক ডাঃ আবু লাইছ মোস্তাক আহমেদে ৰৌচনাৰা বেগম নামৰ এগৰাকী 60 বছৰীয়া বৃদ্ধাক গোলব্লাডাৰৰ অস্ত্ৰপ্ৰচাৰ কৰাৰ সময় নিৰ্ধাৰণ কৰি দিছিল ৷ সেই মৰ্মে ৰোগীৰ পৰিয়ালে বৃদ্ধাগৰাকীক বীনাপানি নাৰ্চিংহোম এণ্ড হাস্পতালত ভৰ্তি কৰাইছিল । চিকিৎসকগৰাকীয়ে মহিলাগৰাকীক অস্ত্ৰপ্ৰচাৰ কৰি থাকোতে আধা অস্ত্ৰোপচাৰ কৰি হঠাতে বৰপেটা মেডিকেল কলেজলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশনা দিয়াত ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

ইপিনে ৰোগীৰ পৰিয়ালৰ আয়ুষ্মান কাৰ্ড থকাৰ পাচতো অস্ত্ৰোপ্ৰচাৰৰ বাবে হাস্পতাল কৃতপক্ষই ৰোগীৰ পৰিয়ালক 10 হাজাৰ টকা দাবী কৰিছিল বুলি ভুক্তভগী পৰিয়ালে জানিবলৈ দিয়ে । পাচত বৰপেটাৰোড আৰক্ষী বীণাপাণি নাৰ্চিংহোমত উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে । আনফালে, উত্তপ্ত পৰিস্থিতিৰ মাজতে সুযোগ বুজি চিকিৎসক ডাঃ আবু লাইছ মোস্তাক আহমেদে পলায়ন কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰোগীৰ পৰিয়ালে ।

মানুহৰ জীৱনকলৈ হেতালি খেলা চিকিৎসকগৰাকীৰ এনে আজৱকাণ্ডৰ বিৰুদ্ধে ক্ষুভিত হৈ হিন্দু সুৰক্ষা সেনা অসমে বীনাপানি নাৰ্ছিংহোমৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৱে চিকিৎসকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে ৷ অন্যথা বীণাপাণি নাৰ্চিংহোমত তলা লগাই দিয়াৰো হুংকাৰ দিয়ে হিন্দু সুৰক্ষা সেনা অসমে ৷

লগতে পঢ়ক:Husband attack wife face : সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ মুখত ব্লেডেৰে অকিয়ালে স্বামীয়ে

ABOUT THE AUTHOR

...view details