অসম

assam

ঘোঁৰামাৰাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

By

Published : Jun 13, 2021, 2:00 PM IST

বৰপেটা জিলাত বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই আৰু মানাহ নদীৰ জলস্তৰ বৃদ্ধি পাইছে ৷ ইয়াৰ সমান্তৰালভাবে নদী দুখনৰ সংযোগস্থল ঘোঁৰামাৰাত অব্যাহত আছে খহনীয়া (Erosion) ৷

MP Abdul Khalek Visited Erosion Area of Barpeta
ঘোৰামাৰাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

বঙাইগাঁও, 13 জুন :বৰপেটাৰ সাংসদ আব্দুল খালেকে (MP Abdul Khalek) শনিবাৰে সন্ধিয়া উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ আৰু দক্ষিণ অভয়াপুৰী বিধায়ক প্ৰদীপ সৰকাৰক লগত লৈ আই আৰু মানাহ নদীৰ সংযোগস্থল ঘোঁৰামাৰা-দলাগাছাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । সাংসদ আব্দুল খালেকে অঞ্চলকেইটা পৰিদৰ্শন কৰি শীঘ্ৰে খহনীয়া (Erosion) প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব বুলি জানিবলৈ দিয়ে ৷

ঘোঁৰামাৰাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ

উল্লেখ্য যে, উত্তৰ অভয়াপুৰীৰ ঘোঁৰামাৰাত খহনীয়াত সেউজীয়া কৃষিভূমিৰ লগতে ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে । বাৰিষাৰ পূৰ্বে এইবাৰ খহনীয়া (Erosion) আৰম্ভ হোৱাত স্থানীয় ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে ৷ এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰৰ পাছতেই তৎপৰ হৈ পৰে সাংসদগৰাকী । সাংসদ খালেকৰ লগতে উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত জিলা উপায়ুক্তৰ লগত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ সাংসদ গৰাকীয়ে এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰীৰ লগত আলোচনা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

ABOUT THE AUTHOR

...view details