অসম

assam

জনীয়াত আমছুৰ উদ্যোগত ফুটবল প্ৰতিযোগিতাৰ আয়োজন

By

Published : Nov 23, 2020, 9:33 AM IST

দেওবাৰে জনীয়াৰ সাওঁৰাচৰা এম কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বামুনটাৰী আজাদ ক্লাৱ আৰু সাওঁৰাচৰা গ’ল্ডষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনত বামুনটাৰী আজাদ ক্লাৱক 3-4 গ’লৰ ব্যৱধানত পৰাস্ত কৰে সাওঁৰাচৰা গ’ল্ডষ্টাৰ ক্লাৱে ৷ খেলখন উদ্বোধন কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক লুৎফৰ ৰহমান খানে ৷

ootball match competition held in jania
জনীয়াত আমছুৰ উদ্যোগত ফুটবল প্ৰতিযোগিতাৰ আয়োজন

জনীয়া,23 নৱেম্বৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত সাওঁৰাচৰা এম কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে বামুনটাৰী আজাদ ক্লাৱ আৰু সাওঁৰাচৰা গ’ল্ডষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত হয় ফুটবল খেল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন ৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কলগাছিয়া জিলা সমিতিৰ সহযোগত আৰু সাঁওৰাচৰা চিকনী শোঁলমাৰী আঞ্চলিক আমছুৰ উদ্যোগত ডাবল ট্ৰফি প্ৰাইজ মানি ফুটবল খেলৰ চুড়ান্ত খেলখন উদ্বোধন কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক লুৎফৰ ৰহমান খানে ৷

জনীয়াত আমছুৰ উদ্যোগত ফুটবল প্ৰতিযোগিতাৰ আয়োজন

1-1 গ'লত খেলখন অমীমাংসিত হৈ ৰয় যদিও ট্ৰাইব্ৰেকাৰত বামুনটাৰী আজাদ ক্লাৱক 3-4 গ’লৰ ব্যৱধানত পৰাস্ত কৰি সাওঁৰাচৰা গ’ল্ডষ্টাৰ ক্লাৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । এই ৰোমাঞ্চকৰ চুড়ান্ত খেলখনত বামুনটাৰী আজাদ ক্লাৱৰ হৈ অমৃত ঠাকুৰীয়া আৰু সাওঁৰাচৰা গ’ল্ডষ্টাৰ ক্লাৱৰ হৈ আমিৰুল ইছলামে এটা গ’ল দিয়ে ।

জনীয়াত আমছুৰ উদ্যোগত ফুটবল প্ৰতিযোগিতাৰ আয়োজন

আনহাতে মেন অৱ দ্যা চিৰিজ আমিৰুল ইছলাম আৰু মেন অৱ মেচ সাওঁৰাচৰা গ’ল্ডষ্টাৰ ক্লাৱৰ গ'ল কিপাৰ আশিকক প্ৰদান কৰা হয় ।

লগতে পঢ়ক :চৰকাৰী সুবিধা দিয়াৰ প্ৰলোভনেৰে দিব্যাংগ লোকৰ পৰা ধন লুণ্ঠনৰ অভিযোগ

ABOUT THE AUTHOR

...view details