ETV Bharat / state

চৰকাৰী সুবিধা দিয়াৰ প্ৰলোভনেৰে দিব্যাংগ লোকৰ পৰা ধন লুণ্ঠনৰ অভিযোগ

author img

By

Published : Nov 23, 2020, 8:30 AM IST

হোজাইৰ উদালীৰ কমৰ‌উদ্দিন নামৰ এজন লোকে দিব্যাংগ লোকৰ পৰা প্ৰমাণ পত্ৰ,পেন্সন আৰু চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভনেৰে ঠগি অহাৰ অভিযোগ তুলি দেওবাৰে অতিষ্ঠ হৈ কমৰ‌উদ্দিনৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী দিব্যাংগ লোকসকলে ৷

money looted from physically disabled people
দিব্যাংগ লোকৰ পৰা ধন লুণ্ঠন

হোজাই,23 নৱেম্বৰ : দিব্যাংগসকলৰ জীৱনক লৈ হেতালি খেলিছে হোজাইৰ এজন লোকে ৷ হোজাই জিলাৰ উদালীৰ কমৰ‌উদ্দিন নামৰ লোকজনে বৃহত্তৰ উদালী অঞ্চলৰ দুখীয়া দিব্যাংগ লোকৰ পৰা প্ৰমাণ পত্ৰ,পেন্সন আৰু চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভন দেখুৱাই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু কমৰ‌উদ্দিনৰ পৰা দিব্যাংগ লোকসকলে কোনো চৰকাৰী সা-সুবিধা নোপোৱাত অতিষ্ঠ হৈ দেওবাৰে আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷

দিব্যাংগ লোকৰ পৰা ধন লুণ্ঠন

হোজাই জিলা দিব্যাংগ মঞ্চৰ সহযোগত অভিযুক্ত প্ৰৱঞ্চক কমৰ‌উদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে দিব্যাংগসকলে ৷ 30 জনতকৈও অধিক দিব্যাংগ লোকে একেলগে একেখন এজাহাৰতেই স্বাক্ষৰ কৰে ৷ শীঘ্ৰেই কম‌ৰউদ্দিনৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ভুক্তভোগী দিব্যাংগসকলে ৷

লগতে পঢ়ক : কৰিমগঞ্জত ডকাইতি কৰিবলৈ আহি আটক দুই ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.