অসম

assam

বৰমা কলেজত বিশেষভাৱে সক্ষম লোকক সামগ্ৰী বিতৰণ

By

Published : Jun 19, 2019, 8:22 AM IST

এই সামগ্ৰী বিতৰণ সভাখনত শতাধিক বিশেষভাৱে সক্ষম লোকক হুইল চেয়াৰ,ট্ৰাইচাইকল,ৱাকিং ষ্টিক,স্মাৰ্ট ফোন,চেল ফোন,হিয়াৰিং এইড‌ আদি বিনামূলীয়াকৈ যোগান ধৰা হয় ।

বৰমা কলেজত শাৰীৰিক ভাবে সক্ষম লোকক সামগ্ৰী বিতৰণ

বৰমা,১৯ জুন:বাক্সা জিলাৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ত মঙলবাৰে শাৰিৰীক ভাৱে সক্ষম লোকক বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ কৰা হয় । বৰমা মহাবিদ্যালয়ৰ I QAC উদ্যোগত আৰু ALIMCO, MVSS( জয়পুৰ ফুট),NCSC তথা বিজনী মহাবিদ্যালয়ৰ সহযোগত সামগ্ৰী বিতৰণী সভাখন অনুষ্ঠিত কৰা হয় ।

বৰমা কলেজত শাৰীৰিক ভাবে সক্ষম লোকক সামগ্ৰী বিতৰণ

বৰমা মহাবিদ্যালয়ৰ IQACৰ সমন্বয়ক আবুল ফাইজে আগবঢ়োৱা অনুষ্ঠানখনত বৰমা ৰাজহ চক্ৰৰ অতিৰিক্ত ৰাজহ বিষয়া মৃনাল হালৈ,NCSCৰ বিষয়া দুলাল ৰিৱাৰী, ALIMCOৰ বিষয়া পি.চাহুকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 টিকেন চন্দ্ৰ দাসে এই সভাখন উদ্ধোধন কৰে । সভাখনত বি.টি.চিৰ উপ-মুখ্য কাৰ্যবাহী তথা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্ফা বৰগঞাৰীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশেষভাৱে সক্ষম লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰ্কট ৰোগ,বৃক্ক,হৃদ আদি ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে তাৰ বিষয়েও তেওঁ ভাষণত ব্যক্ত কৰে । ইপিনে সভাখনত বি.টি.চি. চৰকাৰৰ আন এগৰাকী কাৰ্যবাহী ‌সদস্য অনচুমৈ খুংগুৰ বড়োৱে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বিনামূলীয়াকৈ সামগ্ৰী যোগান ধৰা সংস্থা এলিমকো আৰু জয়পুৰ ফুটক ধন্যবাদ জনাই পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'লে বিশেষভাৱে সক্ষম লোকসকল যথেষ্ট উপকৃত হ'ব বুলি কয় । এই সামগ্ৰী বিতৰণী সভাখনত শতাধিক শাৰিৰীক ভাৱে সক্ষম লোকক হুইল চেয়াৰ,ট্ৰাইচাইকল,ৱাকিং ষ্টিক,স্মাৰ্ট ফোন,চেল ফোন,হিয়াৰিং এইড‌ আদি বিনামূলীয়াকৈ যোগান ধৰা হয়।

Intro:বৰমা কলেজত আজি বাধাগ্ৰস্ত লোকক সামগ্ৰী বিতৰণBody:বৰমাত শাৰীৰিক ভাবে সক্ষম ব্যক্তিক বিনামুলীয়া সামগ্ৰী বিতৰণঃ

বৰমা,১৮ জুনঃ বাক্সা জিলাৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ত আজি শাৰিৰীক ভাবে সক্ষম ব্যক্তিক বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ কৰা হয় । বৰমা মহাবিদ্যালয়ৰ আই.কিউ.এ.চিৰ উদ্যোগত আৰু এলিমকো, এম.ভি.এচ.এচ ( জয়পুৰ ফুট), এন.চি.এচ.চি তথা বিজনী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সভাখন উদ্ধোধন কৰে বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড:টিকেন চন্দ্ৰ দাসে । সভাত বি.টি.চিৰ উপ-মুখ্য কাৰ্যবাহী তথা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্ফা বৰগঞাৰীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি শাৰিৰীক ভাবে সক্ষম ব্যক্তিসকলক উদ্দ্যেশ্যি ভাষণ আগবঢ়াই । তেওঁ সভাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেঞ্চাৰ,বৃক্ক,হৃদ আদি ৰোগাক্ৰান্ত ব্যক্তিসকলৰ বাবে যি ব্যৱস্থা নাইবা আঁচনি গ্ৰহণ কৰিছে তাৰ বিষয়েও ভাষনত ব্যক্ত কৰে । ইপিনে সভাত বি.টি.চি. চৰকাৰৰ আন এগৰাকী কাৰ্যবাহী ‌সদস্য অনচুমৈ খুংগুৰ বড়োয়ে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বিনামূলীয়াকৈ সামগ্ৰী যোগান ধৰা সংস্হা এলিমকো আৰু জয়পুৰ ফুটক ধন্যবাদ জনাই পৰবৰ্তী সময়ত এনেকুৱা ধৰণৰ কাৰ্যসূচী ললে শাৰীৰিক ভাবে সক্ষম ব্যক্তি সকল যথেষ্ট উপকৃত হব বুলি কয় । আজি প্ৰায় শতাধিক শাৰিৰীক ভাবে সক্ষম ব্যক্তিক হুইল চেয়াৰ, ট্ৰাইচাইকল,ৱাকিং ষ্টিক,স্মাৰ্ট ফোন,চেল ফোন,হিয়াৰিং এইড‌ আদি বিনামূলীয়াকৈ যোগান ধৰে । বৰমা মহাবিদ্যালয়ৰ আই.কিউ.এ.চিৰ সমন্বয়ক আবুল ফাইজে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত উপস্হিত থাকে বৰমা ৰাজহ চক্ৰৰ অতিৰিক্ত ৰাজহ বিষয়া মৃনাল হালৈ,এখন.চি.এচ.চিৰ বিষয়া দুলাল ৰিৱাৰী, এলিমকোৰ বিষয়া পি.চাহুকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।
বৰমাৰ পৰা দিলীপ বড়োConclusion:সামগ্ৰী বিতৰণ অনুষ্ঠান বৰমা কলেজত

ABOUT THE AUTHOR

...view details