অসম

assam

বাক্সাৰ তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত 1

By

Published : Feb 14, 2021, 5:56 PM IST

Updated : Feb 14, 2021, 7:09 PM IST

তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় পথৰ বৰখাটা চ’কত দেওবাৰে দুপৰীয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনা ফলত এজন লোক থিতাতে নিহত হয় ৷

road-accident-at-tamulpur-baksha
বাক্সাৰ তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনাঃ নিহত এজন

বাক্সা, ১৪ ফেব্ৰুৱাৰী:তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় পথৰ বৰখাটা চ’কত দেওবাৰে দুপৰীয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনা ফলত এজন লোক থিতাতে নিহত হয় ৷

নিহত লোক জন নামৰ ৪০ বছৰীয়া মঞ্জুৰ আলী বুলি জানিব পৰা গৈছে ৷ লোকজনৰ ঘৰ বৰখাটা চ’কৰ চিকনীবাৰীত ৷ ইয়াৰ লগতে দুৰ্ঘটনা মঞ্জুৰ আলীৰ পুত্ৰও গুৰুতৰভাৱে আহত হয় ৷

বাক্সাৰ তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত 1

ঘটনা বিৱৰণ অনুসৰি, বৰঙাজুলি চাহ বাগিচাৰ পৰা AS-০১DF-৪৮৯৪ নম্বৰৰ এখন বলেৰ গাড়ীৰ সৈতে মঞ্জুৰ আলী AS-২৫R-৩৪৫৮ নম্বৰৰ বাইকখন মুখামুখি সংঘৰ্ষ হয় ৷ মঞ্জুৰ আলী তামুলপুৰৰ পাৰ আহি আছিল ৷

দুৰ্ঘটনাস্থলীৰ পৰা মঞ্জুৰ আলীৰ আঠবছৰীয়া পুত্ৰক স্থানীয় লোকে উদ্ধাৰ কৰি তামুলপুৰ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইফালে নিহত মঞ্জুৰ আলীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে ৷

বৰ্তমান মঞ্জুৰ আলীৰ আঠবছৰীয়া পুত্ৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাতীলৈ GMCH লা প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ই-অফিচ আঁচনি ৰূপায়ণৰ বাবে কম্পিউটাৰ বিতৰণ

Last Updated :Feb 14, 2021, 7:09 PM IST

ABOUT THE AUTHOR

...view details