অসম

assam

ৰাজ্যজুৰি মধ্যাহ্ন ভোজন আঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Oct 30, 2019, 10:50 PM IST

ৰাজ্যজুৰি অব্যাহত আছে মধ্যহ্ন ভোজন ৰান্ধনীৰ বিক্ষোভ কাৰ্য্যসূচী ৷ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ দাবীত বুধবাৰে নগাঁৱত চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ উদ্যোগত ৰান্ধনী কৰ্মীয়ে গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্য্যসূচী ৷ সমান্তৰালভৱে বাক্সাৰ দ্বাৰকুছীতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ প্ৰদৰ্শন ৷

মধ্যাহ্ন ভোজনআঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ কাৰ্য্যসূচী

নিউজ ডেস্ক, 30 অক্টোবৰঃ নগাঁৱত মধ্যহ্ন ভোজন ৰান্ধনীৰ বিক্ষোভ কাৰ্যসূচী ৷ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ দাবীত বুধবাৰে নগাঁৱত চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ উদ্যোগত ৰান্ধনী কৰ্মীয়ে গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্যসূচী ৷ চৰকাৰে ৰাজ্যৰ 1 লাখ ২৫ হাজাৰ মধ্যহ্ন ভোজনৰ ৰান্ধনীক দৈনিক মাত্ৰ ৩০ টকা মাননি প্ৰদান কৰি আহিছে ৷ আনহাতে, শেহতীয়াকৈ চৰকাৰে মধ্যহ্ন ভোজনৰ ৰান্ধনীক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে কৰা পৰিকল্পনাৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন ৷ মধ্যহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধিৰ লগতে অন্যান্য সমস্যাসমূহ সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ইউনিয়নে ৷

নগাঁৱত মধ্যাহ্ন ভোজনআঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ

সমান্তৰালভৱে বাক্সাৰ দ্বাৰকুছীতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ যোৱা ২৪ ডিচেম্বৰ ২০১৮ চনত অসমৰ প্ৰাথমিক শিক্ষা আযুক্ত স্বাক্ষৰিত নিৰ্দেশনা মৰ্মে মধ্যাহ্ন ভোজনৰ আঁচনিখন ১৫ টা বেচৰকাৰী সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাৰ ফলত অসমৰ ১ লাখ ১৮ হাজাৰ অতি দৰিদ্ৰ ৰন্ধন কৰ্মীৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশে অগ্ৰসৰ হৈছে ৷ সেয়েহে আজি দ্বাৰকুছী বজাৰৰ ১২৭ নং ডি ৰঙিয়া ভূটান পথত তামুলপুৰ জিলা সমিতিৰ উদ্যোগত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰায় 3 শতাধিক কৰ্মচাৰীয়ে বিভিন্ন শ্লোগানেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

বাক্সাত মধ্যাহ্ন ভোজনআঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details