ETV Bharat / state

বৃহস্পতিবাৰে স্বাক্ষৰিত হ’ব বহু প্ৰত্যাশিত নগা শান্তি চুক্তি

author img

By

Published : Oct 30, 2019, 6:53 PM IST

Updated : Oct 30, 2019, 8:21 PM IST

নগা বিদ্ৰোহী সংগঠন এনএচচিএন (আইএম)-ৰ লগত কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হ’ব ৷ ইয়াক লৈ সমগ্ৰ উত্তৰ পূৱতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ কিন্তু কি আছে নগা শান্তি চুক্তিত সেই কথা আজিও সদৰি কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ ভূমি গ্ৰেটাৰ নগালেণ্ডত অন্তৰ্ভুক্ত হোৱাৰ শংকাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

বৃহস্পতিবাৰে এনএচচিএন (আইএম) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চাক্ষৰিত হ’ব প্ৰতিক্ষিত নগা শান্তি চুক্তি

ডিমা হাছাও, 30 অক্টোবৰঃ বৃহস্পতিবাৰে স্বাক্ষৰিত হ’ব বহু প্ৰত্যাশিত নগা শান্তি চুক্তি ৷ নগা বিদ্ৰোহী সংগঠন এন এচ চি এন (আইএম)-ৰ লগত কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হ’ব ৷ ইয়াক লৈ সমগ্ৰ উত্তৰ পূৱতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ কিন্তু কি আছে নগা শান্তি চুক্তিত সেই কথা আজিও সদৰি কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ ভূমি গ্ৰেটাৰ নগালেণ্ডত অন্তৰ্ভুক্ত হোৱাৰ শংকাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ এন এচ চি এন (আইএম)-ৰ লগত শান্তি চুক্তিৰ ফলত ডিমা হাছাও জিলাৰ অখণ্ডতাত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে এই দাবী জনায়ছে ডিমা হাছাও জিলা কংগ্ৰেছে ৷

আজি হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই কয় যে, নগা শান্তি চুক্তিত কি আছে সেয়া এতিয়াও স্পষ্ট কৰা নাই কেন্দ্ৰীয় চৰকাৰে । ডিমা হাছাও জিলাৰ ভূমি নগালেণ্ডত অন্তর্ভূক্ত হোৱাক লৈ শংকিত হৈ পৰিছে ৰাইজ । সংবাদমেলৰ যোগেদি কংগ্ৰেছ সভাপতি গৰাকীয়ে আৰু কয় যে, কেন্দ্ৰীয় চৰকাৰ লগত কাইলৈ এনএচচিএন (আইএম)-ৰ যি শান্তি চুক্তি স্বাক্ষৰ হ’ব এই শান্তি চুক্তিক আদৰণি জনাইছে ডিমা হাছাও জিলা কংগ্ৰেছে ৷ তেখতে লগতে কয় যে, 'ডিমা হাছাও জিলাত 13 টা বিভিন্ন জাতি জনগোষ্ঠী দীৰ্ঘদিনৰে পৰা একেলগতে বসবাস কৰি আহিছে । এই শান্তি চুক্তিৰ দ্বাৰা যাতে এইসমূহ জাতি জনগোষ্ঠীৰ মাজত কোন অৱস্থাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় ইয়াৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লক্ষ্য ৰখা উচিত ৷'

Intro:ডিমা হাছাও 30 অক্টোবৰ: বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত বহু প্ৰতিক্ষিত নগা শান্তি চুক্তি স্বাক্ষৰিত হব। নগা বিদ্ৰোহী সংগঠন এনএচচিএন (আইএম)-ৰ লগত কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হব। এয়ালৈ সমগ্ৰ উত্তৰ পূবত এতিয়া তীব্ৰ উত্তেজনা। কি আছে নগা শান্তি চুক্তিত এতিয়া ও সদৰী কৰা নাই কেন্দ্ৰীয় চৰকাৰে। গ্ৰেটাৰ নগাল্যাণ্ডত অন্তৰ্ভুক্ত হব নিকী অসমৰ পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ ভূমি এয়ালৈ এতিয়া শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ। এনএচচিএন (আইএম)-ৰ লগত শান্তি চুক্তিৰ ফলত ডিমা হাছাও জিলাৰ অখণ্ডতা কোন ধৰণৰ প্ৰভাৱ নো পৰে এই দাবী জনায় ডিমা হাছাও জিলা কংগ্ৰেছে।Body:আজি হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল পাতি ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচায় কয় নগা শান্তি চুক্তিৰ কি আছে সেয়া এতিয়াও স্পষ্ট কৰা নাই কেন্দ্ৰীয় চৰকাৰে। নগাল্যাণ্ডত অন্তর্ভূক্ত হব নিকী ডিমা হাছাও জিলাৰ ভূমি এয়ালৈ শংকিত হৈ উঠিছে ৰাইজ। সংবাদমেলৰ যোগেদি কংগ্ৰেছ সভাপতি গৰাকীয়ে কয় কেন্দ্ৰীয় চৰকাৰ লগত অহাকালি এনএচচিএন (আইএম)-ৰ যি শান্তি চুক্তি স্বাক্ষৰ হব এই শান্তিচুক্তিক আদৰণি জনায়ছে ডিমা হাছাও জিলা কংগ্ৰেছে। Conclusion:নিৰ্মল লাংথাচায় সংবাদ মেলত কয় নগা বিদ্ৰোহী সংগঠন এনএচচিএন (আইএম)-ৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত সমগ্ৰ উত্তৰ পূবত শান্তি ঘূৰি আহিব। কিন্তু ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ এই বিষয়টোৰ ওপৰত লক্ষ্য ৰখা উচিত এই শান্তি চুক্তিৰ ফলত ডিমা হাছাও জিলাৰ অখণ্ডতাত কোন ধৰণৰ প্ৰভাৱ নো পৰে। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় ডিমা হাছাও জিলাত 13 বিভিন্ন জাতি জনগোষ্ঠী দীৰ্ঘদিনৰ পৰা একেলগতে বসবাস কৰি আহিছে। এই শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে কোন অৱস্থতাতে ভুল বোঝাবঝিৰ সৃষ্টি নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰখা উচিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বুলি সংবাদ মেলত মন্ত্যৱ কৰে কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচায়।
Last Updated : Oct 30, 2019, 8:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.