ETV Bharat / state

ৰফিকুলৰ কৰ্ম-কাণ্ডক লৈ আচৰিত ৰাইজ; গৰুৰ পঘাৰে বান্ধি চমজালে আৰক্ষীক - Suspicion of robbery - SUSPICION OF ROBBERY

Youth detained Kalgachia: কলগাছিয়াত নিশা গৰুৰ পঘাৰে বান্ধিলে এজন যুৱকক । পিছে কিয় ? ২৫ বছৰীয়া যুৱকজনে নিশা হ'লেই প্ৰৱেশ কৰে বেলেগৰ ঘৰত । যুৱকজন সোমায় থাকে ঘৰৰ ভিতৰত থকা এটা বাকচত । সন্ধিয়া হ'লেই কোনো নথকাৰ সুযোগ বুজি সোমায় থাকে বাকচটোত । ঘটনাৰ প্ৰকৃত ৰহস্য জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Youth detained at night on suspicion of being a thief in Kalgachia
চোৰৰ সন্দেহত এজনক কৰায়ত্ব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2024 at 5:27 PM IST

2 Min Read

জনীয়া, ১৪ জুন: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এজন যুৱকৰ কাণ্ডই সৃষ্টি কৰিছে এই চাঞ্চল্যৰ ৷ ঘটনা অনুসৰি ২৫ বছৰীয়া ৰফিকুল ইছলাম নামৰ যুৱকজনে নিশা হ'লেই ঘূৰি ফুৰে বেলেগৰ ঘৰে ঘৰে । বৃহস্পতিবাৰে নিশাৰ ভাগত তেনে এক ঘটনা সংঘটিত কৰিবলৈ গৈ ধৰা পৰিল ৰাইজৰ হাতত । ৰাইজে বান্ধি থ'লে গৰুৰ পঘাৰে ।

চোৰৰ সন্দেহত এজনক কৰায়ত্ব (ETV Bharat Assam)

জানিব পৰা মতে ৰফিকুল ইছলাম নামৰ যুৱকজনে এসপ্তাহ পূৰ্বে নিশাৰ ভাগত পূব কলগাছিয়াৰ জয়নাল আবেদিন নামৰ লোকজনৰ ঘৰত থকা এটা বাকচত সোমায় আছিল । কিন্তু জয়নাল আবেদিনে নিশা প্ৰায় তিনি বাজালৈকে ম'বাইলত চিনেমা চাই টোপনি যোৱাৰ পিচত লাহে লাহে ৰফিকুলে বাকচৰ পৰা ওলাই আবেদিনৰ ম'বাইলটো হাতত লৈ দৰ্জা খোলাৰ সময়তে তেওঁ সাৰ পোৱাত ম'বাইলটো থৈ পলায়ন কৰে ।

ইয়াৰ পিচত প্ৰায় প্ৰতিদিনেই যুৱকজনে মাজনিশা ঘৰখনত প্ৰৱেশ কৰে যদিও যুৱকজনক কৰায়ত্ত কৰিবলৈ বাৰে বাৰে ব্যৰ্থ হৈছিল । কিন্তু বৃহস্পতিবাৰে নিশা পুনৰ যুৱকজনে ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লওতেই গৰাকীয়ে খাপ পিটি থাকি তেওঁক আটক কৰিবলৈ সক্ষম হয় । এই ঘটনাক কেন্দ্ৰ কৰি ঘৰখনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

লগে লগে যুৱকজনক গৰুৰ পঘাৰে বান্ধি কলগাছিয়া আৰক্ষীক খবৰ দি গতাই দিয়ে । যুৱকজনে কিয় উক্ত ঘৰখনত বাৰে বাৰে প্ৰৱেশ কৰে আৰক্ষীৰ তদন্তৰ পাচতহে ওলাই পৰিব প্ৰকৃত ৰহস্য । যুৱকজনে চুৰিৰ নে আন কোনো উদ্দেশ্যৰে লোকজনৰ ঘৰত প্ৰৱেশ কৰে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ।

লগতে পঢ়ক: আজি এঘৰত, কাইলৈ সিঘৰত...মুঠতে চোৰৰ ৰ’বলৈ নাই আহৰি - THeft INCIDENT

দীৰ্ধদিন ধৰি ত্ৰাস চলাই থকা দুই গভাইত চোৰক গ্ৰেপ্তাৰ

চুৰি ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতেই চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.