চন্দু চেম্পিয়ন স্ক্ৰীণিঙত তাৰকাৰ পয়োভৰ: অনন্যাক দেখি চকু থৰ লাগিল সকলোৰে - Chandu Champion Screening
Chandu Champion Screening: চন্দু চেম্পিয়নৰ প্ৰদৰ্শনীত সকলোৰে চকু থৰ লাগিল বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেৰ ওপৰত ৷ ধূসৰ ৰঙৰ বডিকন ড্ৰেছ পিন্ধি শ্বানায়া কাপুৰ আৰু চাংকি পাণ্ডেৰ সৈতে উপস্থিত হয় অনন্যা । আন উল্লেখযোগ্য সদস্যসকলৰ ভিতৰত আছিল ভূষণ কুমাৰ, টাইগাৰ শ্ৰফ, বিদ্যা বালান আৰু কেইবাজনো বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ।

Published : June 14, 2024 at 6:27 PM IST
চিটাৰা ডেস্ক, 14 জুন : ভাৰতৰ প্ৰথম পেৰা অলিম্পিক স্বৰ্ণ পদক বিজয়ী মুৰলীকান্ত পেটকাৰৰ চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ানে ৷ জীৱনীমূলক ছবি চন্দু চেম্পিয়নৰ প্ৰদৰ্শনী বৃহস্পতিবাৰে মুম্বাইত অনুষ্ঠিত হয় । এই অনুষ্ঠানটো আছিল এটা গ্লেমাৰাছ অনুষ্ঠান, বলীউডৰ চেলেব্ৰিটীসকল ছবিখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিবলৈ উপস্থিত হয় প্ৰদৰ্শনীত । সকলোৰে মাজত এগৰাকী উল্লেখযোগ্য অতিথি ৰূপে প্ৰাক্তন প্ৰেমিকা বুলি জনাজাত অনন্যা পাণ্ডেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
ক’লা ৰঙৰ হাৰ্মিছ অৰান চেণ্ডেলৰ সৈতে মিলাই ধূসৰ ৰঙৰ বডিকন ড্ৰেছ পিন্ধি অনন্যাই এই অনুষ্ঠানত প্ৰৱেশ কৰে । মেলি থোৱা চুলি আৰু সামান্য মেকআপৰ সৈতে অনন্যাক মোহনীয় ৰূপত দেখা যায় । স্ক্ৰীণিঙৰ ওচৰলৈ যোৱাৰ আগতে পাপাৰাজ্জীক হাত জোকাৰি কেমেৰাৰ সন্মুখত প’জ দিলে অনন্যাই । লগত আছিল ঘনিষ্ঠ বন্ধু তথা উদীয়মান অভিনেত্ৰী শ্বানায়া কাপুৰৰ লগতে পিতৃ চাংকি পাণ্ডে ।
লগতে পঢ়ক : দৰ্শকৰ দৃষ্টিত চন্দুৱে সঁচাকৈয়ে ধৰা দিলে চেম্পিয়ন হিচাপে - Chandu Champion Review
কাৰ্তিক আৰু অনন্যাই তেওঁলোকৰ অতীতৰ ৰোমান্টিক সম্পৰ্ক শেষ হৈ যোৱা স্বত্বেও তেওঁলোকৰ বন্ধুত্ব অব্যাহত ৰাখিছিল । খবৰ অনুসৰি দুয়োৱে তেওঁলোকৰ ২০১৯ ৰ ৰোমাণ্টিক কমেডী পতি, পত্নী ঔৰ ৱ'ৰ চিত্ৰগ্ৰহণৰ সময়ত ডেট কৰিছিল, কিন্তু তাৰ পিচতে পৃথকে বাট বুলিবলৈ লয় । অৱশ্যে, তেওঁলোকৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক এতিয়াও বৰ্তি আছে ৷ কৰণ জোহৰৰ জনপ্ৰিয় চেট শ্ব' কফি উইথ কৰণ চিজন 7 ত "হে কৰণ, ইটছ মি" ৰাউণ্ডৰ সময়ত অনন্যাই কাৰ্তিকক ফোনো কৰিছিল । অনন্যাৰ মাক ভাৱনা পাণ্ডেও একেটা অনুষ্ঠানতে আছিল, য'ত তেওঁ কাৰ্তিকক অনন্যাৰ প্ৰিয় প্ৰাক্তন বুলি উল্লেখ কৰিছিল ।
শেহতীয়াকৈ আদিত্য ৰায় কাপুৰৰ সৈতে বিচ্ছেদ ঘটা বুলি অনন্যাই শিৰোনাম দখল কৰি আছে ৷ আনহাতে ২০২০ চনত ইমতিয়াজ আলীৰ ৰোমান্টিক ছবি লভ আজ কলৰ চিত্ৰগ্ৰহণৰ সময়ত ছাৰা আলী খানৰ সৈতে থকা সম্পৰ্কৰ পিছৰে পৰা কাৰ্তিক অকলশৰীয়াকৈয়ে আছে বুলি জানিব পৰা গৈছে । এই দুই তাৰকাই নিজৰ নিজৰ কেৰিয়াৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে ৷ কাৰ্তিকে ব্যাপক শাৰীৰিক প্ৰশিক্ষণ কৰি পৰিৱৰ্তন আনি চন্দু চেম্পিয়নত মুখ্য চৰিত্ৰটোক চিত্ৰিত কৰিবলৈ সক্ষম হৈছে ।
চলচ্চিত্ৰখনৰ প্ৰদৰ্শনীত টি-চিৰিজৰ মুৰব্বী হোঞ্চো ভূষণ কুমাৰ, অভিনেতা অংগদ বেদী, টাইগাৰ শ্ৰফ, বিনীত কুমাৰ সিং, আলায়া এফ, সুনীল শ্বেট্টী, ছানী কৌশল, ৰিচা চাড্ডা, বিদ্যা বালান আৰু চলচ্চিত্ৰ নিৰ্মাতা বিশাল ভৰদ্বাজ, অশ্বিনী আয়েৰ তিৱাৰী, ইমতিয়াজ আলী, আনন্দ এল ৰায়, আৰ বাল্কী আৰু গৌৰী সিন্দেকে ধৰি বলীউডৰ আন কেইবাজনো খ্যাতিমান ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
কবীৰ খান আৰু নাদিয়াদৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্টৰ দ্বাৰা সহ-প্ৰযোজিত এই ছবিখন আজি ১৪ জুনত মুক্তি দিয়া হয় আৰু দেশজুৰি দৰ্শকক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : অন্য ছবিৰ সৈতে সংঘৰ্ষ এৰাই মুক্তিৰ তাৰিখ আগুৱালে ‘দেৱৰা’ৰ নিৰ্মাতাই - Jr Ntr Janhvi Kapoor Film

