অসম

assam

Tokyo 2021: প্ৰথমটো স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

By

Published : Aug 7, 2021, 6:12 PM IST

Updated : Aug 7, 2021, 6:29 PM IST

জেভেলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰা(Javelin thrower Neeraj Chopra)ই ইতিহাস ৰচনা কৰিলে টকিঅ’ অলিম্পিকত ৷ এথলেটিকছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়ৰ সোৱাদ দিলে নীৰজ চোপ্ৰাই ৷

neeraj-chopra-scripts-history-wins-indias-1st-olympic-gold-in-athletics
টকিঅ’ অলিম্পিকত ইতিহাস ৰচি জেভেলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়

নিউজ ডেস্ক, 8 আগষ্ট :টকিঅ’ অলিম্পিক (Tokyo olympics)ত ইতিহাস ৰচনা কৰিলে জেভেলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই (Javelin thrower Neeraj Chopra) ৷ 120 বছৰীয়া ইতিহাসত এথলেটিকছত ভাৰতৰ হৈ প্ৰথম অলিম্পিক স্বৰ্ণ জয় (olympic gold medal) কৰিলে নীৰজ চোপ্ৰাই ।

শনিবাৰে, 23 বছৰীয়া নীৰজে তেওঁৰ প্ৰথম প্ৰচেষ্টাত 87.03 মিটাৰ দূৰত্বলৈ দলিয়াইছিল আৰু দ্বিতীয় প্ৰচেষ্টাত তেওঁৰ সংখ্যা অতিক্ৰম কৰি 87.58 মিটাৰ দূৰত্বলৈ দলিয়াবলৈ সক্ষম হয় । অৱশ্যে, তেওঁৰ তৃতীয় প্ৰয়াস 76.79 মিটাৰহে আছিল । কিন্তু ,তেওঁৰ দ্বিতীয় প্ৰয়াসটোয়েই তালিকাৰ শীৰ্ষত থাকিবলৈ তেওঁৰ বাবে যথেষ্ট আছিল ।

বিশ্ব জুনিয়ৰ এথলেটিকছৰ স্বৰ্ণ পদক বিজয়ী (World Athletics junior gold medallist) নীৰজে পাটিয়ালাত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স 2021 ত 88.07 মিটাৰৰ থ্ৰ’ৰ জৰিয়তে ব্যক্তিগত শ্ৰেষ্ঠতাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখো গঢ়িবলৈ সক্ষম হৈছিল ৷

নীৰজে অৰ্জন কৰা এই পদকটো অলিম্পিকৰ ইতিহাসত ভাৰতৰ দ্বিতীয়টো এথলেটিকছ পদক । ইয়াৰ পূৰ্বে, ১৯০০ চনৰ পেৰিছ অলিম্পিকত ((Paris olympics) ব্ৰিটিছ শাসনাধীন ভাৰতক (British ruled India) প্ৰতিনিধিত্ব কৰা নৰমান প্ৰিচাৰ্ডে (Norman Pritchard) ক্ৰমান্বয়ে ২০০ মিটাৰ হৰ্ডলছ আৰু ২০০ স্প্ৰিন্টত দুটা ৰূপৰ পদক লাভ কৰিছিল ।

উল্লেখযোগ্য যে, নীৰজ 2018 চনৰ এছিয়ান গেমছৰো (Asian games ২০১৮) স্বৰ্ণ পদক বিজয়ী । ভাৰতীয় খেলুৱৈজনে ৮৬.৬৫ মিটাৰ এটা অন্যতম সৰ্বশ্ৰেষ্ঠ থ্ৰ’ৰ সৈতে টকিঅ' ২০২০ ৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । 2018 চনত, তেওঁ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত কমনৱেলথ গেমছ(Common wealth games)ৰ স্বৰ্ণ জয় কৰিছিল ।

লগতে পঢ়ক :সোণৰ হৃদয় : প্ৰশিক্ষণৰ সময়ত যাতায়াতত সহায় কৰা ট্ৰাক চালকক কৃতজ্ঞতা মীৰাবাঈ চানুৰ

Last Updated :Aug 7, 2021, 6:29 PM IST

ABOUT THE AUTHOR

...view details